![]()
নিউজ ডেস্কঃ
৪ মহীয়া এটা গৰু কিমান দামত বিক্ৰী হ’ব পাৰে? এই মুহূৰ্তত হয়তো সঠিক উত্তৰ দিব নোৱাৰিব। গৰুটোৰ নাম পছ স্পাইচ। বয়স মাত্র ৪ মাহ। মধ্য ইংলেণ্ডত জন্ম তাৰ। নিলামত তাৰ দাম উঠিছে ২ কোটি ৬১ লাখ টকা। মূল্যৰ হিচাপত ইতিমধ্যে বিশ্বৰেকর্ড গঢ়িছে গৰুটোৱে। ইয়াৰ পূৰ্বে ইমান দামত কোনো গৰু বিক্ৰী হোৱা নাই। ভিক্টোৰিয়া বেকহামৰ ভক্ত এই গৰুৰ মালিক। সেই কাৰণে জন্মৰ পিছত ইয়াৰ নামো ৰাখে পছ স্পাইচ।

গায়িকা ভিক্টোৰিয়া বেকহাম প্রথমতে ‘স্পাইচ গার্লছ’ৰ সৈতে জড়িত আছিল। স্পাইচ গার্লছ এটি গানৰ বেণ্ড। এই বেণ্ডৰ হৈ গান গাইছিল ভিক্টোৰিয়াই। তেতিয়া তেওঁ পৰিচিত আছিল পছ স্পাইচ হিচাবে। এই গৰুটোৰ মাতৃৰ নাম আছিল জিঞ্জাৰ স্পাইচ। জিঞ্জাৰ স্পাইচো স্পাইচ গার্লছৰ এগৰাকী গায়িকাৰ নাম আছিল। ক্রিষ্টাইন উইলিয়ামছ আৰু তেওঁৰ প্ৰয়াত পিতৃ ডন দুয়োজনে মিলি গৰুৰ ফাৰ্ম গঢ়িছিল। ১৯৮৯ চনৰ পৰা এই ফাৰ্মখন আৰম্ভ হয়।
ইমান দামত কোনে কিনিলে গৰুটো? মানচেষ্টাৰ আৰু কামব্রিয়াৰ কেইবাজনো পোহনীয়া পশু ব্যৱসায়ীৰ যৌথ উদ্যোগত গৰুটো কিনা হৈছে। অৱশ্যে তেওঁলোকে গৰুটো পুনৰ নিলামত বিক্ৰী কৰি লাভ কৰিব, নে অন্য কিবা কৰিব সেইটো জানিব পৰা হোৱা নাই।











