![]()
নিউজ ডেস্কঃ
কৃষক বিদ্ৰোহৰ ফলত পঞ্জাবত বিজেপিৰ বিৰুদ্ধে বৰ্ধিত ক্ষোভৰ প্রভাৱ পৰিল এইবাৰ বেলট বাকচত। সাতখন পৌৰসভাত জয়ী হ’ল কংগ্রেছ। বিজেপিয়ে নাপালে এখনো আসন। আনহাতে, বিজেপিৰ মিত্ৰদল শিৰোমণি অকালি দলেও খালে মুখথেকেচা।
সকলোতকৈ উল্লেখযোগ্য বিজয় কংগ্রেছে লাভ কৰিলে ভাতিণ্ডাত। ৫৩ বছৰ পিছত তাৰ মেয়ৰ হ’ব কোনো কংগ্রেছ প্রার্থী। ভাতিণ্ডাৰ বিধায়ক হ’ল কংগ্রেছৰ মনপ্রীত সিং বাদল। তেওঁ আকৌ ৰাজ্যখনৰ বিত্তমন্ত্রী। ইয়াৰ উপৰি আন এটি পৰিচয় আছে মনপ্রীতৰ। তেওঁ অকালি দল প্রধান সুখবীৰ সিং বাদলৰ সম্পৰ্কীয় ভাতৃ। ভাতিণ্ডাত ইমান বছৰ পিছত কংগ্রেছৰ বিজয়ত উচ্ছ্বসিত তেওঁ।
উল্লেখ্য, ১৪ ফেব্রুৱাৰীত পঞ্জাবৰ ১০৯টা পৌৰ পঞ্চায়ত আৰু নগৰ কাউন্সিল আৰু সাতখন পৌৰসভাত নিৰ্বাচন হয়। ভোটদান হয় ৭১.৩৯ শতাংশ। মোগা, হোশিয়াৰপুৰ, কাপুৰথানা, আবোহাৰ, পাঠানকোট, বাতালা, ভাতিণ্ডা— সাতটা পৌৰসভাতেই জয়লাভ কৰে কংগ্রেছে। সোমবাৰে কেইবাটাও বুথত পুনর্নির্বাচন হয়। নির্বাচন আয়োগৰ নির্দেশত বুধবাৰে মোহালি পৌৰসভাৰ কেইবাটাও বুথত পুনর্নির্বাচন হৈছে। এইবোৰৰ ফলাফল ঘোষণা হ’ব কাইলৈ। এই পৌৰ নিৰ্বাচনত মুঠ ৯,২২২ জন প্রার্থীৰ ভাগ্য নির্ধাৰিত হৈছে। তেওঁলোকৰ ভিতৰত কংগ্রেছ প্রার্থীৰ সংখ্যা ২,৮৩২। আনহাতে, বিজেপিয়ে প্ৰবল বিৰোধিতাৰ চাপত মাত্ৰ ১০০৩ জন প্রার্থীহে দিব পাৰিছিল।











