![]()
নিউজ ডেস্কঃ
শ্রীলঙ্কাৰ পিছত এইবাৰ নেপালেও আপত্তি দৰ্শালে ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ দেৱৰ মন্তব্যত। এই সন্দৰ্ভত ভাৰতৰ বিদেশ মন্ত্ৰালয়ক অৱগত কৰাইছে নেপালৰ বিদেশ মন্ত্ৰালয়ে।
উল্লেখ্য, কেইদিনমান পূৰ্বে ত্ৰিপুৰাৰ বহু বিতৰ্কিত মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে এইবাৰ নেপাল-শ্ৰীলংকাতো বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি কৈছেল। আগৰতলাত দলীয় কর্মীসকলৰ এক বৈঠকত তেওঁ অমিত শ্বাহৰ এটি পুৰণি বক্তব্যৰ উদ্ধৃতি দি এই বিতৰ্কিত মন্তব্য কৰিছিল৷
বিপ্লৱ দেৱৰ উক্ত মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰতিবেশী ৰাষ্ট্ৰ দুখনে, জনায় তীব্র আপত্তিও। নেপালৰ বিদেশমন্ত্রী প্রদীপ কুমাৰ গাৱালিয়ে বিপ্লৱ দেৱৰ উক্ত মন্তব্য ভাৰত চৰকাৰৰ দৃষ্টিগোচৰ কৰি টুইট কৰে, ‘বিষয়টো আমি লক্ষ্য কৰিছো। এই বিষয়ত আপত্তি জনাই নতুন দিল্লীক অৱগত কৰোৱা হৈছে৷’
আনহাতে, নতুন দিল্লীত থকা নেপালৰ ৰাষ্ট্রদূত নীলাম্বৰ আচার্যই ইতিমধ্যে নেপাল আৰু ভূটানৰ দায়িত্বত থকা ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ যুটীয়া সচিব অৰিন্দম বাগচীক ফোনযোগে এই সম্পৰ্কে অভিযোগ জনাইছে।
উল্লেখ্য, বিগত সোমবাৰেই শ্রীলঙ্কাই বিপ্লৱ দেৱৰ মন্তব্যৰ তীব্ৰ আপত্তি জনাইছিল।











