ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১৬ জনকৈ ব্যক্তি ৷ আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ১১ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২,১৭,৩০৪ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৭০৩ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২,১৪,৬০১ গৰাকী ব্যক্তি।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় ২ জনৰ ।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যা ১০৮৯ গৰাকীলৈ বৃদ্ধি পালে।
ইপিনে ৰাজ্যত বৰ্তমানলৈ প্ৰথম ড’জ কোভিড ভেকচিন প্ৰদান কৰা হয় ১,২৮,১৪৬ জনক আনহাতে কোভিড ভেকচিনৰ দ্বিতীয় ড’জ প্ৰদান কৰা হয় ৩,৮৬২ জনক । সোমবাৰে ৰাজ্যত প্ৰথম ড’জ কোভিড ভেকচিন প্ৰদান কৰা হয় ৯৫৫ জনক ।












