ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : কোচ-ৰাজবংশীকে আদি কৰি অসমৰ ছটা জনগােষ্ঠীক জনজাতীয় মর্যাদা প্রদান কৰাৰ লগতে বিভিন্ন জাতি-জনগােষ্ঠীৰ উন্নয়নৰ বাবে স্বায়ত্বশাসিত পৰিষদ গঠন প্রক্রিয়া অব্যাহত থকাৰ সময়তে এইবাৰ কার্বি আংলং জিলাত বসবাস কৰি থকা কুকি জনজাতিসকলৰ বাবে এখনি সুকীয়া স্বায়ত্বশাসিত পৰিষদ গঠন কৰাৰ দাবীত সৰৱ হৈ পৰিছে কুকি জনজাতীয় লােকসকল।
কেইবাটাও কুকি জাতীয় সংগঠনৰ নেতৃবর্গই কালি গুৱাহাটীত মুখ্যমন্ত্রীগৰাকীক সাক্ষাৎ কৰি কার্বি আংলঙত বসবাস কৰি থকা কুকিসকলৰ বাবে এক আঞ্চলিক স্বায়ত্বশাসিত পৰিষদ গঠনৰ বাবে দাবী জনায়।
এই সন্দর্ভত সংগঠনটোৱে কুকি নেছনেল এছেম্বলিৰ সভাপতি হেচন চিটলহৌ, সাধাৰণ সম্পাদক মিমিন চংলই, মুখপাত্র জাংলুন তুৰই, কুকি গাঁওবুঢ়া সন্থাৰ সভাপতি-সম্পাদক ক্রমে চেহমাং চিংচন আৰু চেইহাও খজেম, পিপলছ ডেমক্রেটিক এলায়েন্স ফৰ কুকিগাম সভাপতি সম্পাদক ক্রমে জাংলুন হাংছিং আৰু জাংলেন কিপগেন, কুকি লিবাৰেছন ফ্রন্টৰ সভাপতি লালমিনথাং চংলই, কুকি উইমেন ইউনিয়নৰ সভানেত্রী – সম্পাদিকা ক্রমে চিনকিম চিংছন আৰু এল নেন্স তুৰই স্বাক্ষৰিত এখনি স্মাৰকপত্রও মুখ্যমন্ত্রীগৰাকীক প্রদান কৰে।
স্মাৰকপত্রত উল্লেখ কৰা অনুসৰি কার্বি আংলং জিলাৰ ডিফু আৰু ধনশিৰি এলেকাত কমেও ২৭ সহস্রাধিক কুকি জনজাতিব লােক বসবাস কৰি আহিছে। মুলতঃ পাহাৰীয়া পিছপৰা এলেকাত বসবাস কৰি অহা কুকিসকলৰ উন্নয়ন আৰু বিকাশৰ বাবে কুকিসকলৰ এখনি সুকীয়া আঞ্চলিক স্বায়ত্বশাসিত পৰিষদ গঠনৰ বাবে স্মাৰকপত্রযােগে দাবী জনায়।
আনহাতে, মিজোৰামৰ লুচাই পাহাৰত থকা পাৰি-লেখাৰ জনজাতিৰ লােকসকলে মাত্র পােন্ধৰ হাজাৰ লােকৰ জনসংখ্যাৰে আঞ্চলিক স্বায়ত্বশাসিত পৰিষদ লাভ কৰাৰ প্রসংগৰ উদ্ধৃতি দি কার্বি আংলং জিলাত বসবাস কৰি থকা কুকিসকলৰ উন্নয়ন
আৰু বিকাশৰ বাবে কুকি আঞ্চলিক স্বায়ত্বশাসিত পৰিষদ গঠন কৰাটোৱেই একমাত্র পথ বুলি উল্লেখ কৰে।
কেন্দ্র আৰু বাজ্য চৰকাৰৰ সৈতে স্বাক্ষৰিতহােৱা ইউ পি ডি এছৰ শান্তিচুক্তিক আদৰণি জনায়াে এই চুক্তিখনৰ পৰা জিলাখনৰ কুকি জনজাতিৰ লােকসকল ক্ষতিগ্রত হােৱা বুলি উল্লেখ কৰি স্মাৰকপত্রখনত উল্লেখ কৰা হয় যে এই চুক্তিৰ জৰিয়তে জিলাখনত স্বায়ত্শাসিত পৰিষদৰ মুঠ আসনৰ সংখ্যা পঞ্চাশখনলৈ বৃদ্ধি হােৱাৰ সুযােগতে কুকিসকলক কেইবাটাও ভাগত বিভক্ত কৰি পেলােৱা হৈছে।
কুকিসকলে সাধাৰণতে প্রান্তীয় এলেকাত একত্রিতভাবে বসবাস কৰে যদিও সম্প্রতি পৰিষদৰ নতুন সমষ্টি গঠনৰ নামত ইচ্ছাকৃতভাবে কুকি অধ্যুষিত এলেকাসমূহক সিংহাসন, বৰজান-১, বৰজান-২ আৰু বৰজান-৩ হিচাপে তিনিটা অনুষ্ঠিত ভাগ কৰা বুলি স্মাৰকপত্ৰখনত আপত্তি জনােৱা হয়।
কুকিসকলব সজাতি দলটোক নেতৃত্ব প্রদান কৰা কুকি নেশানেল এছেম্বলিৰ সভাপতিহেচন চিটলহৌৰে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি কুকিসকলৰ আঞ্চলিক স্বায়ত্বশাসিত পৰিষদৰ দীর্ঘদিনীয়া দাবী সম্পর্ক মুখ্যমন্ত্রীগৰাকীৰ সৈতে এক গুৰুত্বপূর্ণ আলােচনা অনুষ্ঠত হয়।
উল্লেখযােগ্য যে, বিজেপিৰ শাসনকালত অসমৰ থলুবা জনজাতিসকলক স্বায়ত্বশাসন প্রদান কৰি অহাৰ পৰিপ্রেক্ষিতত কুকিসকলেও উন্নতি আৰু বিকাশৰ স্বার্থত চৰকাৰৰ পৰা সঠিক সহাৰি লাভ কৰিবলৈ সক্ষম হব বুলি আশা প্রকাশ কৰিছে।
অসম আৰক্ষীৰ এডিজিপি হীৰেন নাথাে উক্ত আলােচনাত উপস্থিত আছিল বুলি কুকি নেশ্যনেল এছেম্বলিৰ সভাপতিগৰাকীয়ে জানিবলৈ দিছে।













