ষ্টাফ ৰিপ’ৰ্টাৰ:
বংগ-অসমৰ বিধানসভা নির্বাচনক সন্মুখত ৰাখি নির্বাচনী ৰণনীতি সজাইছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। উত্তৰবঙ্গৰ কোচবিহাৰসহ বিভিন্ন জিলাত ৰাজবংশী ভোট অত্যন্ত গুৰুত্বপূর্ণ। আৰু সেই ৰাজবংশী ভোটক বিজেপিৰ পক্ষলৈ নিবলৈয়েই এইবাৰ পথাৰত নামিল অমিত শ্বাহ।
ৰাজবংশী ভোটবেঙ্কক উদ্দেশ্য কৰি বৃহস্পতিবাৰে অসমৰ চিৰাং জিলাৰ মহাৰাজ অনন্ত ৰায়ৰ সৈতে বৈঠকত বহে গৃহমন্ত্রী অমিত শ্বাহে। অনন্ত ৰায়ৰ ঘৰত গুৰুত্বপূর্ণ এই বৈঠকত অমিত শ্বাহৰ সৈতে উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা পশ্চিমবঙ্গৰ দায়িত্বপ্রাপ্ত পর্যবেক্ষক কৈলাস বিজয়বর্গীয়, অসমৰ স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্বশর্মা প্রমুখ্যে নেতৃবৃন্দ।
সূত্রৰ খবৰ মতে, আধাঘণ্টা ধৰি চলা এই বৈঠকত মহাৰাজ অনন্ত ৰায়ে বিজেপিৰ ওচৰত থাকিব বুলি জনাইছে। অৱশ্যে নতুনকৈ ৰাজবংশীসকলৰ পৃথক ৰাজ্যৰ দাবীক লৈ কিবা আলোচনা হৈছেনে নাই, সেই বিষয়ত অমিত শ্বাহ বা অন্যান্য বিজেপি নেতাসকলে মুখ খোলা নাই।
পিছত সংবাদ মাধ্যমৰ মুখামুখী হৈ মহাৰাজ অনন্ত ৰায়ে কয়, ‘পৃথক ৰাজ্য নোহোৱা পর্যন্ত কেন্দ্রৰ বিজেপি চৰকাৰৰ লগত থাকিব।’
আনহাতে, কোচবিহাৰত পৰিৱর্তন যাত্রাৰ উদ্বোধনৰ পিছত জনসভাত উপস্থিত থাকি ৰাজবংশীসকলক সন্মান জনালে অমিত শ্বাহে। কোচবিহাৰৰ ৰাসমেলা খেলপথাৰৰ সভাৰ পৰা কেন্দ্রীয় গৃহমন্ত্রীয়ে কয়, ‘ইমান দিনে ৰাজবংশীসকলৰ সংস্কৃতিক কোনোৱে সন্মান দিয়া নাই।
৫০০ কোটি টকাৰে ৰাজবংশী সংস্কৃতি কেন্দ্র নিৰ্মাণ হ’ব। পঞ্চানন বর্মাৰ নামত স্মাৰক নিৰ্মাণ হ’ব। ২৫০ কোটি টকা খৰচ কৰা হ’ব। অঞ্চলটোত বিশেষ পৰ্যটন কেন্দ্র গঢ়ি তোলা হ’ব।’
উল্লেখ্য, অসমৰ বিভিন্ন জিলাৰ কোচ–ৰাজবংশীসকলে অনুসূচিত জাতিৰ মৰ্যাদা বিচাৰি আছে। ২০১৬ চনত কোচ–ৰাজবংশীসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হ’ব বুলি অসমৰ বিধানসভা নির্বাচনত নিৰ্বাচন বৈতৰণী পাৰ হৈছিল বিজেপিয়ে।
কিন্তু সেই প্রতিশ্রুতি আজি পৰ্যন্ত বাস্তৱায়িত কৰা নাই অসমৰ বিজেপি চৰকাৰে। আসন্ন নির্বাচনত ৰাজবংশীসকলে বিজেপিক কিমান আশীর্বাদ কৰে সেই দিশতেই এতিয়া দৃষ্টি ৰাখিছে ৰাজনৈতিক মহলে।












