ষ্টাফ ৰিপ’ৰ্টাৰ:
বিধানসভা নিৰ্বাচন প্ৰাক মুহূৰ্তত ৰাজ্যিক কেবিনেটৰ বহুকেইটাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।জনতা ভৱনত বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৰাজ্যত ৩০ ইউনিতলৈ সকলো স্তৰৰ ব্যক্তিক বিদ্যুৎ বিল ৰেহাই দিয়া সিদ্ধান্ত গ্ৰহণ।
বৰাকত ৬টা বিভাগক লৈ স্থাপন হ’ব মিনি সচিবালয়।
গুৱাহাটী প্ৰেছ ক্লাবলৈ ভূমি আৱন্টন।
শংকৰদেৱৰ কলাক্ষেত্র নতুন চৌহদ ডিব্ৰুগড়ত স্থাপন হ’ব।
আন্তৰাষ্ট্ৰীয় পৰ্যায়ত পদক প্ৰাপ্ত খেলুৱৈ দিয়া হ’ব চৰকাৰী চাকৰি।দৌৰবিদ হিমা দাসক ডিএছপি পদত নিযুক্তি সিদ্ধান্ত।
এছিয়ান গেমছ, কমনৱেলথ গেম, বিশ্ব চেম্পিয়ন শ্বিপট সাফল্য লাভ কৰা প্ৰতিজন খেলুৱৈক দিয়া হ’ব চৰকাৰী চাকৰি।
উল্লেখ কেবিনেটৰ সিদ্ধান্ত সমূহৰ কথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰে।












