ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ২৬ জনকৈ ব্যক্তি ৷ আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ১৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭২২৯ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩২৪ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৪৪৭৩ গৰাকী ব্যক্তি।উল্লেখ্য যে সোমবাৰে ৰাজ্যত এজনৰ মৃত্যু হোৱাৰ পাছত এতিয়ালৈকে ৰাজ্যত ১০৮৫জনে হেৰুৱাইছে প্ৰাণ।












