ASSAM TIMES POST
বোকাখাতঃ কমাৰগাঁও বৰপথাৰৰ ৰেৱ গগৈ নামৰ লােকজনে দুৰ্বৃত্তই কৃষি বিভাগৰ নাম লৈ প্ৰৱঞ্চনা কৰাৰ অভিযােগ আহিছে। ৰেৱ গগৈয়ে যোৱা ২১ আগষ্টত বোকাখাত মহকুমা কৃষি বিভাগৰ কার্যালয়লৈ আহি ঘটনাৰ সবিশেষ জনােৱাৰ পাছতহে প্ৰৱঞ্চিত হােৱাৰ তথ্য পােহৰলৈ আহিছে। প্রাপ্ত অভিযোগ মতে, যোৱা ২৯ জুলাইত গগৈৰ ঘৰলৈ দুজন ব্যক্তি আহি জনালে যে তেওঁলােক কৃষি বিভাগৰ কৰ্মচাৰী আৰু ৰেৱ গগৈৰ নামত মুঠ প্ৰায় ২৮,০০০ টকা দামৰ এটা পাম্পছেটৰ নলীনাদসহ অনুমােদন হৈছে। কৃষকজনে ৭,৫০০ টকা দিলেই বাকী ধন ৰেহাই হ’ব। কৃষকজনে প্রথমে ইতস্ততঃ কৰিছিল।
কিন্তু ছদ্মবেশী ব্যক্তি দুজনে জানালে যে তেওঁৰ নাম স্থানীয় কৃষি সম্প্রসাৰণ কর্মী জনে গাঁও সভাত দি অনুমোদন কৰাই থৈছে। এতিয়া যদি তেওঁ সুবিধাটো নলয়, তেনেহলে লিখি দিব লাগিব। কাৰণ তেওঁৰ নামত অনুমােদন হােৱা সামগ্রী বিভাগে আনক দিব নােৱাৰে আৰু এনে কৰিলে তেওঁ ভৱিষ্যতে আন সুবিধাৰ পৰা বঞ্চিত হ’ব। অভ্যাগত দুজনৰ কথাত ৰেৱ গগৈ পতিয়ন যায় আৰু অৰ ত’ৰ পৰা সংগ্ৰহ কৰি ৭,৫০০ টকা মানুহ দুজনৰ হাতত তুলি দিলে।
মানুহ দুজনে ছীল মাৰি এখন ৰচিদ দিলে, লগতে দিলে এখন ছইল হেলথ কার্ড (Soil health card), যিখন কার্ড হাতত থাকলে ভবিষ্যতে পাৱাৰ টিলাৰ, ট্রেক্টৰ, ৰাসায়নিক সাৰ আদি ৰেহাই মূল্যত পাব বুলি কৃষকজনক জনায়। প্ৰৱঞ্চক দুজনে কৃষকজনে দিয়া টকাখিনি লৈ উভতি গ’ল, লগতে আশ্বাস দি গ’ল যে ১২ আগষ্টত নলীনাদৰ পাইপসহ কৃষকজনৰ ঘৰত পৰিবহি। ১৬ আগষ্টত চাৰিজন মানুহ আহি পথাৰত নলীনাদ স্থাপন আৰু পাম্প ছেট প্রদান কৰিবহি।
১৭ আগষ্টলৈকে প্ৰৱঞ্চক ব্যক্তি দুজনৰ পৰা কোনােসামগ্রী নােপােৱাত আৰু তেওঁলােকে দিয়া ফোন নম্বৰটো (৮৪৮৬৭-৫৭৬৪৭) অনবৰতে ছুইচ অফ দেখুওৱাৰ বাবে সন্দেহবশতঃ কৃষকজনে যোৱা ২১আগষ্টত মহকুমা কৃষি কার্যালয়ত উপস্থিত হয়। কৃষি বিভাগৰ বিষয়াসকলে নথিসমূহ পৰীক্ষা কৰি চোৱাত নিশ্চিত হয় যে ৰেৱ গগৈ প্ৰৱঞ্চিত হৈছে। কৃষকজনক উক্ত ব্যক্তি দুজনে দিয়া ‘প্রাপ্ত ৰছিদ’খন ভুল বানানেৰে ভৰা ভুৱা ৰচিদ আৰু কৃষকজনক প্ৰৱঞ্চক দুজনে দি যােৱা ছইল হেলথ কার্ডখনাে ভুৱা। কাৰণ কৃষকৰ মাটি পৰীক্ষা নকৰাকৈ কোনেও ছইল হেল্থ কার্ড দিব নােৱাৰে। নিজে সাৱধান নােহােৱা বাবে কৃষকজন প্ৰৱঞ্চিত হ’ল আৰু আন কৃষক যাতে এনে প্ৰৱঞ্চকৰ জালত নপৰে, তাৰ বাবে মহকুমা কৃষি বিভাগে সাৱধান কৰি দিছে।