নিউজ ডেস্কঃ
২০১৭ চন৷ তেতিয়া কৰোনা ভাইৰাছ নামৰ কোনো বিপদৰ কথা শুনা নাছিল বিশ্ববাসীয়ে। কিন্তু সেই সময়তেই উহানত এই মাৰণ ভাইৰাছৰ সন্ধান পাইছিল চীনৰ বিজ্ঞানীসকলে। কিন্তু সম্ভাব্য বিপদক অগ্রাহ্য কৰে। অৱশেষত প্রায় চাৰি বছৰ পিছত এজন বিজ্ঞানীয়ে জনাইছে, কোভিড আক্রান্ত বাদুলীয়ে তেওঁৰ হাতত দাঁত বহুৱাইছিল
দেওবাৰে প্রকাশিত এক ৰিপোর্ট এই চাঞ্চল্যকৰ কিছু তথ্য দাঙি ধৰা হৈছে। ২০১৭ চনত উহানৰ এক গুহাত বাদুলীৰ শৰীৰৰ পৰা কোভিড ভাইৰাছৰ নমুনা সংগ্রহ কৰিবলৈ গৈছিল চীনা বিজ্ঞানীসকল। গ্লভছ পিন্ধা সত্ত্বেও এজন বিজ্ঞানীৰ হাতত বেজীৰ দৰে দাঁতেৰে ফুটাই দিছিল বাদুলীয়ে। তাতোকৈ চাঞ্চল্যকৰ এই যে, উক্ত নমুনা সংগ্রহৰ ভিডিওত দেখা গৈছে খালী হাতেৰেই বহু বাদুলীৰ পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। নাই কোনো পিপিই কিট, যিটো বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়মবিৰুদ্ধ।
উল্লেখ্য, এই মুহূর্তত উহানত কোৱাৰেণ্টাইনত আছে হুৰ ১৩ সদস্যৰ তদন্তকাৰী দল। তেওঁলোক উহানত কৰোনাৰ উৎসৰ সন্ধানত আহিছে। নতুন এই তথ্যৰ কথা নিশ্চয় তেওঁলোকৰ কাণত পৰিব৷ কোৱাৰেণ্টাইন শেষ হ’লে তেওঁলোকে কি পদক্ষেপ ল’ব, পৰৱৰ্তী সময়ত সেইটো লক্ষণীয় হ’ব৷