“লক-ডাউন” ৰ প্ৰথমটো ভাগৰ পৰা চৰ্চা লাভ কৰিছে এগৰাকী বলীউড অভিনেতাই। অভিনেতা গৰাকীয়ে কেইবাজনো মজদুৰক বিনা টকা-পইচাৰে নিজ নিজ ঘৰলৈ উভতাই পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। য’ত একাংশ মজদুৰে লক-ডাউনৰ ফলত নিজৰ আগন্তুক জীৱনক লৈ শংকিত হৈ আছিল সেইটো সময়তে বলীউড অভিনেতা সনু সোদ তেওঁলোকৰ মাজত ভগৱান হৈ থিয় দিছিল বুলি মন্তব্য কৰিছিল মজদুৰ সকলে নিজেই। নিজ বাসগৃহলৈ উভতি যোৱাৰ পিছত একাংশ মজদুৰে ভিন্ন ভিন্ন ধৰণে নিজৰ মৰম ব্যক্ত কৰিছে অভিনেতা গৰাকীৰ প্ৰতি। একাংশই য’ত নিজ সন্তানৰ নাম অভিনেতা গৰাকীৰ নামেৰে ৰাখিছে তাতেই আকৌ একাংশই অভিনেতা গৰাকীক পুনৰ বাৰ লগ পোৱাৰ আশ্বাস বিচাৰিছে। মুঠতে, সনু সোদৰ মহানুভৱতাই বাৰুকৈয়ে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল তেওঁলোকক। এক কথাত ক’বলৈ গ’লে, এয়া নকৰিবওঁনো কিয়? “লক-ডাউন” ৰ ফলত বহু মজদুৰ খোজ কাঢ়ি গৈয়ে নিজ গন্তব্য স্থানলৈ আগবাঢ়িছিল আৰু তেনে এক সময়ত সনু সোদৰ এই সহায়ে তেওঁলোকৰ বাবে আশাৰ কিৰণ হৈ নামিছিল।
Brother, please don’t make tattoos 🙏 I know you love me but to show your love you don’t need to go through this pain ❤️🙏 https://t.co/aSj8KhykSL
— sonu sood (@SonuSood) January 10, 2021
আনহাতে মন্দিৰ স্থাপনৰ লগতে শেহতীয়াকৈ সনু সোদৰ নামেৰে তেওঁৰে এজন অনুৰাগীয়ে হাতত টেঁটু বনায়। এই ভিডিঅ’টোৱে বৰ্তমান চচিয়েল মিডিয়াত বহুল হাৰত লাভ কৰিছে আৰু লগতে ইয়াক লৈ শেহতীয়াকৈ সনু সোদেও দিছে ব্যক্ত কৰে প্ৰতিক্ৰিয়া। তেওঁ কয় যে, “কৃপা কৰি টেঁটু নবনাবা; মই জানো আপোনালোকে মোক ভাল পায়।কিন্তু ভালপোৱাৰ বাবে এনে কষ্ট নকৰিলেও হ’ব।”