ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : মিচ ইউনাইটেত ইউনিভাৰ্চ ৱৰ্লড (কিডচ্) ২০১৯ খ্যাত বোকাখাত তথা অসম গৌৰৱ কনমানি অভিনেত্ৰী নিকিতা বৰাই গুৱাহাটীৰ ছয়গাঁৱৰ ‘জংগম’-এ যোৱা ১০ জানুৱাৰীত অনুষ্ঠিত কৰা সদৌ অসম একাংক নাট প্ৰতিযোগিতাত লাভ কৰিছে ৰাজ্যৰ শ্ৰেষ্ঠ শিশু অভিনেতাৰ খিতাপ।
ক্ৰমে মিচ ইণ্ডিয়া কিডচ্ ২০১৮, মিচ এচিয়া কিডচ্ ২০১৯ আৰু বিশ্বৰ ৫০ খন দেশৰ প্ৰতিযোগীক চেৰ পেলাই মিচ ইউনাইটেত ইউনিভাৰ্চ ৱৰ্লড (কিডচ্) ২০১৯ খিতাপ লাভ কৰা বোকাখাতৰ কনমানি নিকিতা বৰাই নৃত্য, সংগীতৰ লগতে অভিনয়ৰ ক্ষেত্ৰখনতো চমকপ্ৰদ প্ৰতিভাৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।
বোকাখাতৰ ৪ নং ৱাৰ্ড নিবাসী নীৰঞ্জন বৰা আৰু তুলুমনি বৰাৰ একমাত্ৰ সন্তান নিকিতা বৰা বোকাখাতৰ খ্ৰীষ্টজ্যোতি হাইস্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী। উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি নিকিতাই তিনিওটা ৰাউণ্ডতে বিজয়ী হৈ ক্ৰমে ২০১৭ বৰ্ষত হিমাচল প্ৰদেশত ‘কলাপ্ৰভা’ আৰু ২০১৮ বৰ্ষত উত্তৰাখণ্ডত ‘কলাকৃতি’ সন্মানেৰে বিভূষিতা হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।
বহু প্ৰতিভাসম্পন্ন নিকিতা এগৰাকী সুকণ্ঠী গায়িকাও। বোকাখাতৰ উদীয়মান যুৱ নাট্যকাৰ-পৰিচালক ৰাতুল ফুকনৰ “যাদুকৰ” নাটখনিৰ একমাত্ৰ শিশু চৰিত্ৰটিত কৰা বলিষ্ঠ অভিনয়ৰ বাবে নিকিতাই সদৌ অসম ভিত্তিত অনুষ্ঠিত একাংক নাট প্ৰতিযোগিতাত লাভ কৰে শ্ৰেষ্ঠ শিশু অভিনেতাৰ খিতাপ।
উল্লেখ্য যে বোকাখাত নাট্যমন্দিৰৰ নিবেদনত ৰাজীৱ গগৈৰ সামগ্ৰিক ব্যৱস্থাপনা আৰু ৰাতুল ফুকনৰ ৰচনা পৰিচালনাৰ নাট “যাদুকৰ”-এ একে প্ৰতিযোগিতাত তৃতীয় শ্ৰেষ্ঠ নাট্যদলৰ স্থান লাভ কৰি নৱবৰ্ষৰ আৰম্ভণিতে নাট্যনগৰী বোকাখাতলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে কভিডক্লিষ্ট দুঃভাৱনা আঁতৰাই বোকাখাতৰ শৈল্পিক-সাংস্কৃতিক জগতলৈ আনিলে আশা, উৎসাহ আৰু প্ৰেৰণা।
নাটখনিৰ অভিনয়ত নিকিতাৰ সৈতে আছে প্ৰতিশ্ৰুতিসম্পন্ন নাট্যকৰ্মী ক্ৰমে দীপ ঠাকুৰীয়া, শান্তনু বৰদলৈ, নিৰাময় তামুলী, চন্দন মহন্ত আৰু ভাৰ্গৱ কলিতা। সংগীত ভৰত চাহুৰ, মঞ্চসজ্জাত আছে বিশিষ্ট নাট্যকৰ্মী তথা নাট পৰিচালক নিৰজমনি বৰা আৰু পোহৰ ৰাতুল বৰাৰ।
সাধাৰণ আৰু নিৰ্দোষ জনতাক শোষণ নিপিড়ণৰ বলি কৰি তোলা যাদুকৰী আৰু ক্ষমতাশালী ৰাজনৈতিক প্ৰক্ৰিয়াটোক কটাক্ষ কৰি ৰচনা কৰা নাটখনে ইতিমধ্যে দৰ্শকৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।