মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অষ্টম টিজি বৰুৱা মেম’ৰিয়েল মিডিয়া টি-২০ৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি বঁটা বিতৰণ কৰে। গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ বিজয়ী প্ৰাগ নিউজ আৰু বিজিত অসমীয়া প্ৰতিদিনৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বঁটাসমূহ প্ৰদান কৰি তেখেতে খেলুৱৈসকলক উৎসাহিত কৰে। লগতে, এগৰাকী ক্ৰিকেটাৰৰ ৰূপতো দেখা পোৱা গ’ল সৰ্বানন্দ সোণোৱালক।