বিশেষ প্ৰতিবেদন:
প্রেমৰ কোনো বয়স নাই। এই প্রবাদটি তৰুণ কান্তি পালে সত্য প্রমাণ কৰিছে যিয়ে ৬৬ বছৰ বয়সত তেওঁৰ প্রেয়সী স্বপ্না ৰায়ক বিয়া কৰাই সকলোকে চমক দিলে।
এই বিয়াখন আৰু বিশেষ হৈ উঠাৰ কাৰণ হ’ল তৰুণ কান্তিৰ পুত্ৰ শাওনে নিজেই পাতি দিয়ে এই বিয়া। আনকি ছচিয়েল মিডিয়াত বিয়াৰ ছবিবোৰো আপলোড কৰে তেওঁ। যি এই মুহূৰ্তত তুমুল ভাইৰেল হৈ গৈছে।
শাওনে জনায় যে ১০ বছৰ আগতে তেওঁৰ মাতৃৰ মৃত্যু হৈছিল। তাৰ পিছত একেবাৰে অকলশৰীয়া হৈ পৰিছিল পিতৃ। প্রত্যেকেই তেওঁৰ এই একাকীত্ব অনুভৱ কৰিছিল।
শাওনে জনাইছে যে তেওঁৰ পিতৃ আৰু নতুন মাতৃ স্বপ্না ৰায়ৰ এক পাৰিবাৰিক অনুষ্ঠানত দেখাদেখি হৈছিল। তাতেই দুয়োৰে কথাবার্তা আগুৱাই যায়। কিন্তু এই অনুষ্ঠানৰ পিছত দুয়োৰেই যোগাযোগ ছিন্ন হৈ যায়। তাৰ পিছত হঠাৎ কেইমাহমানৰ পিছত স্বপ্না ৰায়ৰ ফোন আহে বিয়াৰ প্রস্তাব দি।
এই ব্যাতিক্রমী বিয়াৰ সম্পূর্ণ ঘটনাই নেট জগতত দাঙি ধৰিছে শাওনে। আপলোড কৰিছেন বিয়াৰ ছবিও। যি এতিয়া তুমুল ভাইৰেল হৈ পৰিছে নেট জগতত। নেটিজেনসকলৰ প্রত্যেকেই প্রশংসাৰে উপচাই দিছে শাওনক। নৱদম্পতিৰ প্রতি শুভকামনাও জনাইছে তেওঁলোকে।