স্বাস্থ্য প্ৰতিবেদন:
মূলা আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী৷ মূলাই আমাৰ স্বাস্থ্যক সদায় সঠিক কৰি ৰাখে৷ ইয়াৰ বাৱহাৰে কেন্সাৰ, পেটৰ সমস্যাৰ পৰা আদি কৰি ডায়েবেটিছ পৰ্যন্ত বিভিন্ন সমস্যাৰ পৰা মুক্তি দিয়ে৷ শীতকালত বেছিভাগ মানুহে মূলা খাবলৈ ভালপায়৷ জানো আহক মূলাৰ
হজম শক্তিৰ বাবে মূলা
মূলা খোৱাৰ স্বাস্থ্যৰ উপকাৰৰ ভিতৰত এক নম্বৰ, ই হজম শক্তিক অতি স্বাস্থ্যকৰ কৰি ৰাখে৷ কাৰণ মূলা খালে পেট সম্পৰ্কীয় কোনো সমস্যাও নাথাকে৷ কোষ্ঠকাটিন্যৰ দৰে সমস্যাবোৰৰ পৰাও সহজতে মুক্তি পোৱা যায়৷
ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে যি সহজতে হজম হয়৷ মূলা খোৱাটো ডায়েবিটছৰ বাবে ভাল৷ মূলা খোৱাৰ ফলত ডায়েবেটিছক নিয়ন্ত্ৰণত ৰাখে কাৰণ ই ৰক্তত শৰ্কৰাৰ মাত্ৰা সঠিক ৰাখে৷
মূলা কিডনিৰ বাবেও উপকাৰী৷ কাৰণ মূলা খালে দেহত বিষাক্ত পদাৰ্থ জমা নহয়৷ মূলা স্বাস্থ্যৰ লগতে ছালৰ বাবেও উপকাৰী কাৰণ ইয়াত ফছফৰাছ আছে৷
মূলা খালে ৰক্তত শৰ্কৰাৰ পৰিমাণ সঠিক থাকে মূলাত প্ৰচুৰ পৰিমাণে পটাচিয়াম থাকে৷ ইয়াৰ সহায়ত ৰক্তত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হৈ থাকে৷ লগতে ৰক্তচাপ যদি ঠিকে থাকে তেতিয়া হৃদৰোগৰ পৰাও হাত সাৰিব পাৰি৷ যদি ৰক্তচাপৰ সমস্যা থাকে তেতিয়াহ’লে আপোনাৰ ডায়েটত নিয়মিতভাৱে মূলা সংযোগ কৰক৷