ষ্টাফ ৰিপ’ৰ্টাৰ:
মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আদি ৰাজ্যসমূহত “লাভ-জিহাদ”ক লৈ তাৰ বিপক্ষত আইন বনোৱাৰ সময়তে অসমত বিজেপিৰ ৰাজ্যিক চৰকাৰে অতি বুদ্ধিমত্তাৰেই একে আইন প্ৰণয়ন কৰিলে অন্য ব্যাখ্যাৰে ৷
এই নতুন আইন অনুসৰি বিবাহৰ পঞ্জীয়নৰ এমাহ পূৰ্বে বিবাহ প্ৰাৰ্থী দুজনে জমা দিব লাগিব নিজৰ ধৰ্ম, পৰিয়াল আৰু আয়ৰ বিষয়ে সবিশেষ তথ্য ৷ অসমৰ বিজেপি নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য অনুসৰি এই আইন যদিও মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ দৰে একেই, ইয়াৰ উদ্দেশ্য সেই কেইখন ৰাজ্যৰ আইনৰ দৰে নহয় অৰ্থাৎ “লাভ জিহাদ” অনুসন্ধানৰ বাবে নহয় ৷ বৰঞ্চ এই আইনৰৰ দ্বাৰা আমাৰ ভগ্নী সকলৰ ক্ষমতা বৃদ্ধি কৰাৰ উদ্দেশ্য ৷ বিবাহপ্ৰাৰ্থী ল’ৰাজন কোনো বে-আইনী ব্যৱসায়ত জড়িত থাকি কন্যা পক্ষক আভুৱাভাৰিবলৈ বিচাৰিলে তাৰপৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে বনোৱা হৈছে এই আইন বুলি মন্তব্য কৰে মন্ত্ৰীজনে ৷
অহা বছৰ হ’ব লগা নিৰ্বাচনত জয় হ’ব বুলি নিশ্চিত থকা বিজেপি দলৰ এয়া এক নতুন কৌশল জনতাই বিৰোধিতা কৰিব পৰা আইন প্ৰণয়ন কৰাৰ ৷