ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি পুৱাৰ ভাগতে কাৰবি আংলঙৰ মাঞ্জাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি কাৰ্বি আংলঙৰ মানজা থানা এলেকাৰ আপাৰ মহংদিজোৱাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু ট্ৰেংকাৰৰ মুখামুখী সংঘৰ্ষ দুৰ্ঘটনাত কমেও ৪ জন লোক থিতাতে নিহত হৈছে বুলি জানিব পৰা গৈছে ৷ মৃত্যৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷
ডিমাপুৰ পৰা মৈৰাবাৰী অভিমুখে আহি থকা AS21C 4996 টাটা আল্ট্ৰা বাছখনে AS 14C6713 তেলৰ মিন টেংকাৰ এখন অতিক্ৰম কৰিব লওঁতেই সংঘটিত দুৰ্ঘটনাটো ৷ নিহতসকল ক্ৰমে, বাক্সাৰ মাধৱপুৰ গাঁৱৰ জাবেদ আলী (৩২), বৰপেটা টাউনৰ অনুপম শৰ্মা কনষ্ট্ৰাকছৰ দুজন নিহত হৈছে এজনৰ নাম ধৰ্মেন্দ্ৰ দাস (৩২) আন জনৰ মৈৰাবাৰীৰ দিলদাৰ হুছেইন ৷ আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷