স্বাস্থ্য প্ৰতিবেদন:
বৰ্তমান প্রায় সকলোৱেই বিচাৰে সকলো সময়ত সুন্দৰ হৈ থাকিবলৈ আৰু বয়সৰ চাপ কোনমতেই যেন ধৰে নপৰে সেই চেষ্টাই কৰে সকলোৱে। ইয়াৰ বাবে বহুতে বিভিন্ন ধৰণৰ দামী ক্রিম দামী ফেচৱাছ আৰু কিমান কি যে ব্যৱহাৰ কৰে।
পার্লাৰত গৈ ফেচিয়েল মেছেজ কৰি সময় নষ্ট কৰি থাকে যাতে সকলো সময়তে সুন্দৰ হৈ থাকিব পৰা যায়। কিন্তু বহুতেই নাজানে ঘৰুৱা পদ্ধতিৰেও সুন্দৰতা পাব পৰা যায়। প্রতিদিনৰ খাদ্য তালিকাযত এবিধ ফল ৰাখিলে সকলো সমস্যাৰ পৰা মুক্তি পোৱা যায়।
সেইফলবিধ হ’ল গোল নেমু। বহুতৰ ঘৰতেই হয়তো গোল নেমুৰ গছ আছে। কিন্তু বহুতেই নাজানে এই নেমুৰ কিমান গুণ আছে। নেমুত প্রচুৰ পৰিমাণে ভিটামিন চি আছে যাৰ ফলত ছালৰ মৃত কোষবোৰক নির্মূল কৰে, নতুন কোষ সৃষ্টি কৰে।
ইয়াৰ ফলত ছাল চকচকীয়া হৈ উঠে। ইয়াৰ উপৰি গোল নেমুৱে ছেনট্যানেৰ হাতৰ পৰা ৰক্ষা কৰে আমাৰ ছালক। অর্থাৎ সূর্যেৰ অতিৰিক্ত তাপৰ পৰা আমাৰ ছালক ৰক্ষা কৰে। ইয়াৰ উপৰি যিসকলৰ ব্রণৰ সমস্যা আছে প্রতিদিনে গোল নেমু নিজৰ খাদ্য তালিকায়ত ৰাখিলে এই সমস্যাৰ পৰা লাহে লাহে মুক্তি পাব।
আনহাতে, গোল নেমু খোৱাৰ ফলত ছালত কোলেজেন বৃদ্ধি পায়। ইয়াৰ ফলত ছালত সকলো সময়তে তাৰুণ্য থাকে। ইয়াৰ উপৰি গোল নেমুই পিএইচ লেভেলৰ ভাৰসাম্য বজায় ৰখাত সহায় কৰে। গোল নেমুত প্রচুৰ পৰিমাণে এন্তিঅক্সিডেন্ট আছে যাৰ ফলত শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।
যিসকলৰ ছাল অতি শুষ্ক তেওঁলোকে যদি গোল নেমু প্রতিদিনে খায় তেতিয়াহ’লে বহুত উপকাৰী ফল দিব। ইয়াৰ উপৰি যিসকলৰ লিভাৰৰ সমস্যা আছে তেওঁলোকে যদি প্রতিদিনে গোল নেমু নিজৰ খাদ্য তালিকাত তেতিয়াহ’লে সমস্যা লাহে লাহে প্রশমিত হ’ব।













