স্বাস্থ্য প্ৰতিবেদন:
আপুনি যদি নিশা খায়েই বিছনাত পৰে তেতিয়া আপোনাৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্রভাৱ পেলায়। শোৱাৰ আগতে আমি কিছুমান বস্তু খোৱা উচিত নহয়।
আপুনি যদি ভাজা খোৱাটো পছন্দ কৰে তেতিয়াহ’লে নিশা আপোনাৰ এচিডিটিৰ সমস্যা হ’ব পাৰে। ৰাতি কি কি খাদ্য খোৱা উচিত নহয় তাক জানি লওক।
কিছুমান মানুহে নিশা শুৱাৰ আগতে চাহ খায়। এই অভ্যাসটিয়ে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। শোৱাৰ আগতে চাহ খালে টোপনিৰ সমস্যা হ’ব পাৰে।
বহুতৰেই এই অভ্যাস থাকে যে যিসকলে ভোক অনুভৱ কৰে, তেতিয়া তেওঁলোকে চিপছ খায়। কিন্তু এই অভ্যাসটি স্বাস্থ্যৰ পক্ষে মুঠেই ভাল নহয়।
ৰাতি চকোলেট খায় নুশুব। চকলেট যেফিনৰ উৎস, যিয়ে টোপনিৰ ক্ষেত্রত অন্তৰায় সৃষ্টি কৰিব পাৰে।
ৰাতি শোৱাৰ আগতে মাংস খোৱাৰ অভ্যাসটো এৰক। ইয়াৰ ফলত কোষ্ঠকাঠিন্য হ’ব পাৰে।













