স্বাস্থ্য প্ৰতিবেদন:
বর্তমান ইউৰিক এচিড বৃদ্ধিৰ সমস্যা বহুতৰেই দেখা যায়। অলপ সচেতন হৈ খাদ্যাভ্যাসত পৰিবর্তন আনিলে ইউৰিক এচিড বহুখিনি নিয়ন্ত্রণলৈ অনা সম্ভব। আমাৰ শৰীৰত দুই ধৰণৰ এমাইনো এচিডৰ প্রয়োজন হয়। এটি আৱশ্যকীয় (ইছেনচিয়েল) এমাইনো এচিড।
আৰু এটি অনাৱশ্যকীয় (নন ইছেনচিয়েল) এমাইনো এচিড। এই অনাৱশ্যকীয় এমাইনো এচিডৰ ভিতৰত এটি হ’ল পিউৰিন। উচ্চ মাত্রাৰ ইউৰিক এচিডৰ উপস্থিতিৰ কাৰণে হ’ব পাৰে গাঁঠিৰ বিষ বা শিৰাই শিৰাই বিষ, উচ্চ ৰক্তচাপ, কিডনি অসুস্থ হোৱাৰ দৰে সমস্যা।
কিছুমান পুষ্টিকৰ খাদ্য আছে যিবোৰে ইউৰিক এচিড নিয়ন্ত্রণত ঔষধৰ দৰে কাম কৰে।
১. পানীয়ে দেহৰ যিকোনো ধৰণৰ বিষ দূৰ কৰাত সহায় কৰে। এই ক্ষেত্রত ইউৰিক এচিড নিয়ন্ত্রণতো কার্যকৰী পানী।
২. বেছিকে টেঙা ফল বা ভিটামিন চি জাতীয় খাদ্য খাব লাগিব। গ্রিন টিয়ে ইউৰিক এচিড কমোৱাত সহায় কৰে। সেয়ে ইউৰিক এচিড কমাবলৈ নিয়মিত গ্রিন টি খাব পাৰে।
৩. অধিক আঁহযুক্ত খাদ্য খাব লাগিব। সেউজীয়া শাক-পাচলি আৰু ফলমূলত প্রচুৰ খাদ্য আঁহ থাকে, এই আঁহে ইউরৰিক এচিডক শৰীৰৰ পৰা মল আকাৰে বাহিৰ কৰি দিয়ে।
৪. এই সময়ত চাহিদাৰ তুলনাত বেছি পৰিমাণত পানী খাব লাগে। প্রতিদিনে আঢ়ৈৰ পৰা তিনি লিটাৰ পানী পান খাওক।
৫. চর্বিহীন মাংস খাব লাগে। এই ক্ষেত্রত মুৰ্গীৰ মাংস ভাল। তাৰ উপৰি পৰিমাণ মতে মাছ আৰু কুহুম নোহোৱা কণী খাব লাগিব। বিনা ফেটৰ গাখীৰ বা স্কিম মিল্কও খাব পাৰে।














