স্বাস্থ্য প্ৰতিবেদন:
১৯ নৱেম্বৰত বিশ্বজুৰি পালন কৰা হয় আন্তৰ্জাতিক পুৰুষ দিৱস৷ আন্তর্জাতিক পুৰুষ দিৱসত পুৰুষসকলৰ বাবে এটা সুখবৰ হৈছে মহিলাসকলতকৈ পুৰুষসকলে সহজত ওজন কমাব পাৰে। মহিলাতকৈ অপেক্ষাকৃত কম চেষ্টা কৰি ওজন কমাব পাৰে পুৰুষসকলে।
কাৰণ পুৰুষসকলৰ শৰীৰত টেষ্টোষ্টেৰন হৰমনৰ উপস্থিতি মহিলাসকলৰ তুলনাত বেছি। সেয়ে পুৰুষসকলৰ মাজত মহিলাসকলতকৈ পেটুলা হৈ যোৱাৰ প্রৱণতা বেছি দেখা যায়। কেনেদৰে কমাব ব্যস্ত পুৰুষসকলে নিজৰ ওজন?
ওজন কমাবলৈ জিম যোৱাৰ কথা ভাবিলেও বেছিভাগ পুৰুষেই সেই সময় উলিয়াব নোৱাৰে। সেয়ে আপুনি প্রতিদিনে ঘৰতেই কিছু লঘু ব্যায়াম কৰক। কিবা কৰক বা নকৰক, অফিচ বা বজাৰলৈ অহা-যোৱাৰ সময়ত ঘৰৰ লিফটৰ সলনি চিৰি ব্যৱহাৰ কৰা আৰম্ভ কৰক নতুবা ওচৰতে যদি অফিচ-বজাৰ অৱস্থিত তেনেহ’লে খোজকাঢ়ি অহা-যোৱাৰ অভ্যাস কৰক।
অতি বেছি সময় ব্যায়ামৰ বাবে সময় উলিয়াব নোৱাৰিলেও দিনত তিনি-চাৰিবাৰ ১০-১৫ মিনিটকৈ খোজকাঢ়ক। এবাৰ পুৱা, এবাৰ দুপৰীয়া, এবাৰ নিশা আৰু এবাৰ অফিচৰ কামৰ ফাঁকে ফাঁকে ১৫ মিনিট খোজকাঢ়িলেই বহু কামত আহিব।
বন্ধুসকলৰ সৈতে আড্ডা মাৰিবলৈ প্রায় সকলো পুৰুষৰেই ভাল লাগে। বন্ধুৰ ঘৰ বা ক্লাবলৈ গ’লে চাইকেল চলাই বা পাতলীয়াকৈ জগিং কৰি যাওক। সপ্তাহান্তত বন্ধুসকলৰ সৈতে অলপ বেডমিণ্টন, টেবুল টেনিচ, ভলীবল বা আপোনাৰ পছন্দমতে অন্য কোনো খেলত ঘাম উলিয়াব পাৰে। ইায়ৰ ফলত আপুনি যেনেদৰে প্ৰফুল্ল মনে থাকিব, তেনেদৰে ওজনো কমিব।
অফিচত কামৰ চাপ থাকিবই। কিন্তু তাৰ বাবে ‘লেট নাইট’ কৰিলে নহ’ব। ঠিকমতে টোপনি নহ’লেও কিন্তু ওজন বাঢ়িব। নিশা জাগি মোবাইল খুঁচৰি থকাটোও বন্ধ কৰিব লাগিব। প্রতিদিনে ছয়ৰ পৰা আঠ ঘণ্টা টোপনি কিন্তু নিৰোগী হৈ থকাৰ বাবে জৰুৰী।
ওজন কমাবলৈ প্রতিদিনৰ খাদ্য তালিকাত প্রোটিন অৱেশ্যেই ৰাখক। চিকেন, কণী আদি প্রতিদিনে খাব লাগে। এইবোৰে যেনেদৰে সহজতে ভোক লগাটী কমায়, তেনেদৰে মেটাবলিজিম হাৰ বঢ়ায়। ইয়াৰ লগতে কিন্তু এলকহল আৰু জাংক ফুড খোৱাটো কমাব লাগিব। এবাৰতে বেছি খোৱাৰ চেষ্টা কৰাতকৈ ঘনাই অলপ অলপকৈ খাওক। এই নিয়ম মানি চলিব পাৰিলেই আপোনাৰ ওজন বহুখিনি নিয়ন্ত্রণত ৰাখিব পাৰিব।













