স্বাস্থ্য প্ৰতিবেদন:
কিছু ভিটামিনে আমাৰ হাওঁফাওঁৰ স্বাস্থ্য ভালে ৰাখিব পাৰে আৰু কোষৰ ক্ষয়ক্ষতি ৰোধ কৰিব পাৰে। শীতকালত কিছু ভিটামিন গ্রহণ কৰিলে শ্বাসকষ্টৰ দৰে অন্য সমস্যা প্রতিৰোধ কৰিব পাৰি। হাওঁফাওঁ ভালে ৰাখিবলৈ শীতত তিনি ধৰণৰ ভিটামিন খাব পাৰে।
ভিটামিন-এ
ভিটামিন-এ চর্বিযুক্ত দ্রবণ যি হাওঁফাওঁৰ স্বাস্থ্যৰ বাবে দ্বিতীয় গুৰুত্বপূর্ণ পুষ্টি উপাদান। ভিটামিন-এ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাত গুৰুত্বপূর্ণ কাম কৰে, যিয়ে দেহৰ কোষক পুনৰায় জন্মোৱাত সহায় কৰে।
সেয়ে ভিটামিন-এ গ্রহণৰ পৰিমাণ বঢ়াই আপুনি হাওঁফাওঁৰ টিছুবোৰক প্রাকৃতিকভাবে সুস্থ ৰাখিব পাৰে। হাওঁফাওঁৰ কার্যকাৰিতাৰ বাবে এই ভিটামিনৰ গুৰুত্বৰ উপৰি ই অন্যান্য টিছু আৰু কোষৰ উন্নতি কৰি থাকে। ভিটামিন-এ ভ্রূণৰ হাওঁফাওঁ বিকাশতো সহায় কৰে।
ইতিবাচক দিশ হ’ল, অতিৰিক্ত ভিটামিন-এ খোৱাৰ দৰকাৰ নাই।
চর্বিযুক্ত দ্রবণীয় ভিটামিন হোৱাত এই পুষ্টিকৰ উপাদানবোৰ দীর্ঘ সময়ৰ বাবে শৰীৰত সংৰক্ষণ কৰা হয় আৰু অলপ পৰিমাণত প্রয়োজন হয়। ভিটামিন-এ বেছি গ্রহণ কৰিলে লিভাৰ আৰু হাড়ৰ সমস্যা হয়। দুগ্ধজাত পণ্য, মাছ, গাজৰ, ব্রকলি, স্কোৱাছ আদি ভিটামিন-এৰ কিছু সাধাৰণ উৎস।
ভিটামিন-চি
ভিটামিন-চিয়ে আমাৰৰ শৰীৰক বিভিন্ন উপায়েৰে সহায় কৰে। হাওঁফাওঁক দীর্ঘস্থায়ী ৰোগৰ পৰা ৰক্ষা কৰাটো ইয়াৰ ভিতৰত অন্যতম। এদিনত পর্যাপ্ত ভিটামিন-চি গ্রহণ কৰিলে সেয়াই ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাত আৰু ছালত কোলাজেন গঠন কৰাত সহায় কৰে। ধূমপান আৰু প্ৰদূষণৰ কাৰণে হাওঁফাওঁত ফ্রি-ৰেডিকেল আৰু টক্সিনৰ উপস্থিতিৰ কাৰণে শৰীৰত প্রদাহ হ’ব পাৰে।
ভিটামিন-চি, যি মূলত চাইট্রিক ফলবোৰত থাকে, ই ফ্রি-ৰেডিকেলছ আৰু টক্সিনৰ বিৰুদ্ধে যুঁজ কৰে আৰু শৰীৰক এই ক্ষতিকাৰক অণুবোৰৰ পৰা মুক্তি পোৱাত সহায় কৰে। ই হাওঁফাওঁৰ টিছুবোৰৰ ক্ষতিৰ হাৰক আৰু কমাই দিয়ে আৰু শৰীৰক পুনৰায় প্রাকৃতিকভাবে সুস্থ হোৱাৰ সুযোগ দিয়ে।
এলার্জি, এজমা আৰু ক্লিনিকেল ইমিউন’লজি জার্নেলত প্রকাশিত ২০১৪ চনৰ সমীক্ষা অনুসৰি, ভিটামিন-চিয়ে হাওঁফাওঁৰ কার্যকাৰিতা উন্নত কৰিব পাৰে আৰু শৰীৰচর্চাৰ সময়ত আৰু পিছত শ্বাসকষ্টৰ প্রবণতা আধা কমাই আনে। এই পুষ্টিৰ প্রধান সম্ভাব্য সুবিধাবোৰ পোৱা যায় ইয়াৰ এণ্টিঅক্সিডেন্ট উপাদানৰ কাৰণে। বেছি পৰমাণে চাইট্রাছ ফল, কেঁচা জলকীয়া, মধুৰিআম, ব্রকলি, বেৰি আদি আপোনাৰ খাদ্য তালিকাত ৰাখক য’ত ভিটামিন চি আছে।
ভিটামিন-ডি
দাঁত আৰু হাড়ক শক্তিশালী কৰাৰ উপৰি ভিটামিন-ডিয়ে আপোনাক শ্বাসযন্ত্রৰ সংক্রমণৰ পৰা ৰক্ষা কৰে আৰু দীর্ঘস্থায়ী বাধাজনিত পালমোনাৰি ৰোগৰ (চিওপিডি) সম্ভাৱনা হ্রাস কৰিব পাৰে। এটি সমীক্ষা অনুসৰি, ভিটামিন-ডিৰ ঘাটিয়ে শ্বাসকষ্টৰ সম্ভাৱনা বঢ়াব পাৰে।
ব্রঙ্কাইটিছ, হাঁপানি আৰু শ্বাসকষ্টৰ দৰে অন্যান্য সমস্যা ভিটামিন-ডিৰ অভাৱত হ’ব পাৰে।
হাওঁফাওঁৰ কার্যকাৰিতা উন্নত কৰাত ভিটামিন-ডিৰ গুৰুত্বপূর্ণ ভূমিকা আছে। এই পুষ্টিগুণ পর্যাপ্ত পিমাণত পোৱাটো কঠিন একো নহয়, কাৰণ সূর্যৰ পোহৰ ভিটামিন ডিৰ প্রধান উৎস। ইয়াৰ উপৰি প্ৰাকৃতিকভাৱে ভিটামিন-ডি সমৃদ্ধ খাদ্যবোৰ অধিক খাব লাগে৷













