নিউজ ডেক্স:
ভৱিষ্যতে কংগ্রেছৰ দায়িত্ব লোৱাৰ ক্ষেত্রত পুত্র ৰাহুল গান্ধীৰ পথত কাঁইট নহ’ব বুলি জানিয়েই মনমোহন সিঙক প্রধানমন্ত্রী পাতিছিল কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে। আত্মজীৱনী ‘এ প্রমিজড লেণ্ড’ত এই কথা লিখিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই।
তেওঁ লিখিছে, মনমোহন সিঙক নির্বাচনৰ আৰু দুটি কাৰণ আছিল। তেওঁ শিখ আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত তেওঁৰ তেনে কোনো ভিত্তি নাছিল। অৱশ্যে ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙৰ পাণ্ডিত্য আৰু সৌজন্যবোধে যে তেওঁক অভিভূত কৰিছিল, সেই কথাও স্বীকাৰ কৰিছে ওবামাই। তেওঁ লিখিছে, এনে পাণ্ডিত্য আৰু সৌজন্যবোধ সচৰাচৰ দেখা নাযায়।
লগতে ওবামাই লিখিছে, ‘‘যিমানখিন বুজি পাইছোঁ, কথা কোৱাতকৈ শ্রোতাৰ ভূমিকাত থাকিবলৈয়েই বেছি পছন্দ কৰে ছোনিয়াই। মনমোহনে কোনো চৰকাৰী কথা দাঙি ধৰিবলৈ গ’লেই দেখিছিলো ছোনিয়া গান্ধীয়ে তেওঁক বাধা দিয়াৰ চেষ্টা কৰিছিল।
আৰু আলোচনাক বাৰে বাৰে তেওঁৰ পুত্ৰৰ দিশে ছোনিয়া গান্ধীয়ে ঘূৰাই দিবলৈ বিচৰা দেখিছিলো।’’অৱশ্যে মনমোহনকেই ভাৰতৰ অর্থনৈতিক সংস্কাৰৰ পুৰোধা বুলি মানি লৈ ওবামাই জনাইছে, যিমান সম্ভৱ জাতপাতৰ ৰাজনীতিৰ ঊর্ধ্বত গৈ ভাৰতক পৰিচালনাৰ চেষ্টা কৰিছিল মনমোহন সিঙে।
কিন্তু ওবামাই প্রশ্ন তুলিছে, ‘‘মনমোহনৰ কার্যকালৰ ম্যাদ পূৰণৰ পিছত ক্ষমতাৰ বাঘজৰী ৰাহুলৰ হাতত সফলভাবে তুলি দিব পৰা গ’লনে? তেওঁৰ মাতৃৰ স্বপ্ন সফল কৰি তুলিব পাৰিলেনে ৰাহুলে? কংগ্রেছে বিজেপিৰ বিভেদকামী জাতীয়তাবাদক ৰুধিব পাৰিলেনে?’’
হিংসা, দুর্নীতি, জাতপাতৰ ৰাজনীতি, ধর্মীয় অসহিষ্ণুতা কেনেদৰে ভাৰতৰ দৰে শক্তিশালী গণতন্ত্রৰ দেশত স্থায়ীভাবে থাকি গৈছে তাক লৈও গভীৰ বিস্ময় প্রকাশ কৰিছে আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।











