
এগৰাকী যুৱতীক এজন যুৱকে প্ৰেমৰ প্ৰস্তাৱ (Love proposal) দিছিল। কিন্তু তেওঁ সেয়া প্ৰত্যাখ্যান (Rejection) কৰে। অভিযোগ উঠিছে যে তাৰেই প্ৰতিশোধ পূৰণৰ বাবে তেওঁৰ এবছৰীয়া সন্তানটো (One-year-old child)ক প্ৰহাৰ কৰি হত্যা (Killed) কৰে জিতেন্দ্ৰ পাঠক (Jitendra Pathak) ওৰফে বিৰাজ নামৰ যুৱকজনে। আনহাতে, আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে গুলীচালনা কৰে। আৰক্ষীয়েও উত্তৰত গুলীচালনা কৰে। উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ (Firozabad, Uttar Pradesh)ত দুয়োপক্ষৰ মাজত সংঘৰ্ষত জিতেন্দ্ৰৰ ভৰিত গুলী লাগে। অৱশেষত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে তদন্ত কৰি গম পায় যে বিৰাজে ৰতি নামৰ যুৱতীগৰাকীক বিয়া কৰাব বিচাৰিছিল। কিন্তু ৰতি মান্তি নহ’ল। তেওঁ কৈছিল এবছৰীয়া আৰাভক এৰি বিৰাজৰ লগত বিয়া হ’ব নোৱাৰে। ৰতিয়ে আৰক্ষীক জনোৱা মতে, শনিবাৰে বিৰাজে আৰাভক চকলেট কিনাৰ অজুহাতত লৈ গৈছিল। ইয়াৰ পিছত জোৰেৰে মাটিত পেলাই দিয়ে। ঘটনা সন্দৰ্ভত জানিব পাৰি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় শিশুটিৰ পৰিয়াল। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে। সেই মুহূৰ্ততে বিৰাজে পলায়ন কৰে।
ইয়াৰ পিছত ৰতিয়ে থানাত এজাহাৰ দাখিল কৰে। বিৰাজৰ সন্ধান আৰম্ভ হয়। তেওঁলোকে বিশেষ সূত্ৰৰ পৰা গম পায় যে তেওঁ মইনপুৰী ৰোডৰ ওচৰত আছে। আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি তালাচী আৰম্ভ কৰে। অভিযোগ অনুসৰি, বিৰাজে জোপোহাৰ আঁৰৰ পৰা আৰক্ষীলৈ গুলীচালনা কৰে। আৰক্ষীয়েও উত্তৰত গুলীচালনা কৰাত বিৰাজৰ ভৰিত গুলী লাগে। তাৰ পিছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। ফিৰোজাবাদৰ আৰক্ষী অধীক্ষক ৰবি শংকৰ প্ৰসাদে কয় যে বিৰাজৰ বিৰুদ্ধে শীঘ্ৰে অভিযোগনামা দাখিল কৰা হ’ব। আদালতত তেওঁক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰা হ’ব।











