নিউজ ডেক্স:
প্রতিষেধক অহা মাত্রেই যে অতিমাৰিৰ গতি ৰুদ্ধ হৈ যাব, তাক মানিবলৈ মান্তি নহয় বিশ্ব সংস্থা সংস্থা (হু)। প্রতিষেধক হাতলৈ আহিলে পৰিস্থিতি চম্ভালিবলৈ সুবিধাহে হ’ব মাত্র। অতিমাৰিৰ প্রকোপ একেবাৰে যে শেষ হ’ব, সেয়া নহয় বুলি প্ৰকাশ কৰিছে হুই।
উল্লেখ্য, সকলো ঠিকে থাকিলে বছৰ শেষ হোৱাৰ পূৰ্বেই কৰোনাৰ প্রতিষেধক লৈ আমেৰিকান কোম্পানী ফাইজাৰ আৰু জার্মান অংশীদাৰ বায়োটেক হাজিৰ হ’ব বুলি ইতিমধ্যে জনাই দিছে।
সেই দৌৰত চামিল হৈছে ৰাছিয়াৰ স্পুটনিক ভি আৰু আমেৰিকাৰ মডার্না কোম্পানীৰ তৈয়াৰী সম্ভাৱ্য প্রতিষেধকো। সেই প্রতিষেধক হাতত পোৱাক লৈও প্রতিযোগিতা আৰম্ভ হৈছে বিভিন্ন দেশৰ মাজত।
এনে পৰিস্থিতিত সোমবাৰে সংবাদ মাধ্যমৰ মুখামুখী হয় হু প্রধান টেড্রছ এডানম গেব্রিয়েছাছ। তেওঁ কয়, ‘‘প্রতিষেধক আহিলে অতিমাৰি চম্ভালা কামত সুবিধা হ’ব। এই মুহূর্তত আমাৰ হাতত যিবোৰ সৰঞ্জাম আছে, তাত এটি বৰ্ধিত সংযোগ হ’ব। বাকী সৰঞ্জাম নালাগে, কেৱল প্রতিষেধকেৰেই হ’ব, এনে কিন্তু নহয়। অকল প্রতিষেধকেৰে অতিমাৰি দূৰ কৰা সম্ভৱ নহয়।’’













