নিউজ ডেস্কঃ
উত্তৰ ত্ৰিপুৰৰ খানচানপুৰ মহকুমাত ব্ৰু-ৰেং শৰণাৰ্থীসকলক পুনৰ সংস্থাপনৰ দাবীত সোমবাৰৰ পৰা নাগৰিক সুৰক্ষা মঞ্চাৰ উদ্যোগত যুটীয়া আন্দোলন সমিতি (জেএমচি)য়ে অনিৰ্দিষ্টকালীন আন্দোলন আৰম্ভ কৰে। আন্দোলনকাৰীসকলে সোমবাৰে ৰাতিপুৱা এই আন্দোলনৰ সমৰ্থনত নগৰখনৰ নাগৰিক সুৰক্ষা মঞ্চাৰ উদ্যোগত এক ৰেলী বাহিৰ কৰে। সংগঠনটোৰ সদস্যসকলৰ নেতৃত্বত মহকুমাটোৰ বিভিন্ন স্থানত পিকেটিং কৰে৷ আন্দোলনৰ বাবে খানচানপুৰ চহৰ আৰু মহকুমাৰ বিভিন্ন অংশত হোৱা যাতায়াতত প্ৰভাৱ পৰে৷ আন্দোলনৰ বাবে কামপুৰ মহকুমাৰ কাৰ্যালয় আৰু বজাৰ বন্ধ হৈ পৰে।