ASSAM TIMES POST
নগাঁওঃ বানবিধ্বস্ত চামগুৰিৰ লাওখোৱাত শনিবাৰে বানসাহায্য বিতৰণ কৰিলে চাৰিটাকৈ স্বেচ্ছাসেৱী সংগঠনে। বেংগালুৰু অসম এছ’চিয়েচন, ড্ৰীমছ প্ৰডাকচন, অংকুৰিত অসম আৰু মিৰদান ৱেলফেয়াৰ চ’ছাইটিৰ উদ্যোগত পাঁচ শতাধিক পৰিয়ালক সাহায্য প্ৰদান কৰা হয়।
সাহায্য বিতৰণ অনুষ্ঠানত মিৰদান ৱেলফেয়াৰ চ’ছাইটি আৰু অংকুৰিত অসমৰ হৈ প্ৰিয়ংকা বৰুৱা, ৰাহুল মোডী, ৰমেশ ছেত্ৰী, অনুপম হাজৰিকা আৰু নাছিৰ হুছেইন উপস্থিত থাকে। দলটোক সহযোগ কৰে চামগুৰিৰ সমাজকৰ্মী লানু হাজৰিকাই। চামগুৰিৰ ১, ২ আৰু ৩নং ভূৰবন্ধাত দলটোৱে পাঁচ শতাধিক বানাক্ৰান্ত পৰিয়ালৰ মাজত শিশুৰ খাদ্য, কাপোৰ, চাবোন, টুথপেষ্ট আৰু বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে।
দলটোৱে আনকি অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহলৈও গৈ সাহায্য বিতৰণ কৰে। গুৱাহাটীৰপৰা অহা দলটোৱে চামগুৰিৰ বানবিধ্বস্ত অঞ্চলৰ ৰাইজক বানসাহায্য বিতৰণ কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ বিভিন্ন সমস্যাৰো বুজ লয়। আনহাতে সুদূৰ বেংগালুৰুত থাকি চামগুৰিবাসীৰ দুখৰ সময়ত থিয় দিয়া বেংগালুৰু অসম এছ’চিয়েচনক স্থানীয় ৰাইজে ধন্যবাদ জনাইছে।