হিন্দু মহিলা (Hindu woman) আৰু মুছলমান পুৰুষৰ (Muslim man) বিবাহ একেবাৰে বৈধ নহয় (Marriage is not valid)। এনে বিবাহক ইছলামিক আইনত বৈধতা প্ৰদান কৰা হোৱা নাই। মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে (Madhya Pradesh High Court) এটা গোচৰত এইদৰে কয়। নিৰাপত্তা বিচাৰি আদালতত কৰা এহাল দম্পতীৰ আবেদনো নাকচ কৰা হৈছে। ১৯৫৪ চনৰ বিশেষ বিবাহ আইন অনুসৰি আন্তঃধৰ্মীয় বিবাহৰ স্বীকৃতি বিচাৰিছিল দম্পতীহালে। কিন্তু আদালতে এই কথাত সন্মতি নিদিলে।
মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গুৰপাল সিং আহলুৱালিয়াৰ পৰ্যবেক্ষণ মতে, বিশেষ বিবাহ আইনৰ অধীনত হিন্দু ছোৱালী এজনীয়ে মুছলমান যুৱকক বিয়া কৰালেও ইছলামিক আইনৰ অধীনত বিবাহক ‘অনিয়মিত’ বুলি অভিহিত কৰা হ’ব। কাৰণ ইছলামিক আইন অনুসৰি, যদি কোনো মুছলমান পুৰুষে জুই বা মূৰ্তি পূজা কৰা মহিলাক বিয়া কৰায়, তেন্তে সেই বিবাহ বৈধ নহয়। যদিও এই বিবাহ বিশেষ বিবাহ আইনৰ অধীনত আছে, ইছলামিক আইনৰ অধীনত ই অনিয়মিত।
এগৰাকী হিন্দু মহিলা আৰু এগৰাকী মুছলমান যুৱকে বিবাহৰ স্বীকৃতি আৰু পৰ্যাপ্ত নিৰাপত্তা বিচাৰি আদালতৰ কাষ চাপিছিল। মহিলাগৰাকীৰ পৰিয়ালে এই বিবাহৰ বিৰোধিতা কৰে। তেওঁলোকৰ মতে, যদি এই বিবাহ হয় তেন্তে সমাজে তেওঁলোকক এৰাই চলিব। লগতে বিয়াৰ পূৰ্বে মহিলাগৰাকীয়ে ঘৰৰ পৰা গহনা নিয়াৰো অভিযোগ উত্থাপন হৈছে।
বিশেষ বিবাহ আইনৰ অধীনত বিবাহপাশত আবদ্ধ হ’ব বিচৰা বুলি আদালতৰ আগত আবেদনকাৰীয়ে কয়। কিন্তু এই বিবাহৰ বাবে দুয়োৰে কোনোৱেই নিজৰ ধৰ্ম সলনি কৰিব নিবিচাৰে। বিশেষ বিবাহ আইনৰ অধীনত বিবাহৰ ক্ষেত্ৰত ইছলামিক আইন আৰু প্ৰযোজ্য নহ’ব বুলি আদালতত বিবাদীসকলৰ অধিবক্তাই কয়। কিন্তু ন্যায়াধীশৰ পৰ্যবেক্ষণ, ব্যক্তিগত আইনত নিষেধাজ্ঞা থাকিলে বিশেষ বিবাহ আইন প্ৰয়োগ কৰিব নোৱাৰিব।