উত্তৰাখণ্ডৰ (Uttarakhand) উত্তৰকাশী জিলাৰ সহস্ৰতালত ট্ৰেকিং কৰিবলৈ গৈ বেয়া বতৰৰ বাবে ৯ জন লোকে প্ৰাণ হেৰুৱায়। আটাইকেইজন কৰ্ণাটকৰ বাসিন্দা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ট্ৰেকিং গ্ৰুপত ২২ জন লোক আছিল। তাৰে মাজৰ ১৩ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ হৈছে।
![Uttarakhand Tracking accident । উত্তৰাখণ্ডত ট্ৰেকিং কৰিবলৈ গৈ ৯ জনৰ মৃত্যু 3 Uttarakhand Tracking accident ।](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG_20240606_152227.jpg?resize=690%2C388&ssl=1)
কৰ্ণাটক চৰকাৰে তেওঁলোকক নিৰাপদে ৰাজ্যলৈ ঘূৰাই নিয়াৰ উদ্যোগ লৈছে। জানিব পৰা মতে, উত্তৰাখণ্ডৰ উত্তৰ কাশী আৰু তেহৰী জিলাৰ সীমান্তত সংঘটিত হৈছে এই ঘটনা।
দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযানত যোগদান কৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ), ভাৰতীয় বায়ুসেনা, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী।