স্বাস্থ্য প্ৰতিবেদন:
খোৱা-লোৱাৰ পৰা ৰূপচর্চাত ব্যৱহাৰ—কণীৰ প্রয়োজনীয়তা কম-বেছি সকলো পৰিয়ালতেই আছে। কণী সিদ্ধৰ পৰা কণীৰ জোল সকলোৱে খাদ্য ৰসিকৰ প্রিয়। কিন্তু কণী কেৱল খোৱা বা ৰূপচর্চাতেই যে কামত লাগে তেনে নহয়।
পুষ্টি পূৰণত কণীৰ চাহিদা তুঙ্গত। কম খৰচত প্রোটিনৰ এনে সম্ভাৰ আৰু একো খাদ্যতেই তেনেদৰে নাই। কিন্তু জানেনে, এই কণীৰেই আপুনি আঁতৰাই পেলাব পাৰে দাগ কিম্বা চকচকীয়া কৰি তুলিব পাৰে গহনাও!
কণীৰ এই অজানা ব্যৱহাৰবোৰ জানিলে দৈনিক কামত লগাব পাৰে আপুনিও।
কণ্ডিচনাৰ
অলিভ অয়েল আৰু কণীৰ কুহুম একেলগে মিহলাই চেম্পুৰ পিছত চুলিত লগাই ৰাখক। বজাৰত উপলব্ধ কণ্ডিচনাৰতকৈ এই ঘৰুৱা ব্যৱহাৰত চুলি ভাল হ’ব।
গছ বাবে
কণী সিদ্ধ কৰাৰ পিছত সেই পানী আৰু কণীৰ বাকলি গুড়ি কৰি গছৰ গুৰিত দিয়ক। কণীৰ বাকলি গছৰ শৰীৰত কেলচিয়ামৰ যোগান বৃদ্ধিত খুব কার্যকৰী। গছক নানা কীট-পতঙ্গৰ পৰাও বচায় কণীৰ বাকলিয়ে।
গহনা পৰিষ্কাৰ
ৰূপৰ গহনা কেইদিমান পিন্ধিলেই ক’লা হৈ যোৱাৰ ভয় থাকে। বতাহৰ অক্সিজেনৰ প্রভাৱতেই এনে হয়। কণীয়ে এই গহনাবোৰ পৰিষ্কাৰ কৰি চকচকীয়া কৰিব পাৰে সহজতেই। ইয়াৰ বাবে কণী বহু সময় ধৰি খুব কঠিন কৰি সিদ্ধ কৰি ল’ব লাগিব।
ইয়াৰ পিছত খোলা আঁতৰাই দুভাগ কৰি কুহুম আঁতৰাই লওক। এইবাৰ সেই কুহুম এটি ঢাকনিযুক্ত পাত্রত ৰাখি হাতেৰে গুড়ি কৰক। এইবাৰ তাত পাতল কোনো কাগজ বা টাৱেলত লগাই তাৰ ওপৰত ৰাখক ৰূপৰ গহনাখিনি।
পাত্রৰ মুখৰ চাৰিওপাশে ময়দাৰ প্রলেপ দি বায়ুবিহীন কৰি বন্ধ কৰি দিয়ক। দুদিন পিছত সেই গহনাবোৰ বাহিৰ কৰিলেই দেখিব, ক’লা ভাব একেবাৰে নাই। ডি-অক্সিডাইজাৰ হিচাবে কণীৰ এই ব্যৱহাৰ বিভিন্ন গহনাতো ব্যৱহাৰ কৰিব পৰা যায়।
ৰক্ত বন্ধ কৰিবলে
কোনো দুর্ঘটনাবশত কাটিলে দেখা যায় বহু সময়ত ৰক্ত বন্ধ হোৱাৰ নামে নলয়। এই সময়ত কণী কামত লগাওক। সিদ্ধ কণীৰ বাকলি আৰু বগা অংশৰ মাজত যি পাতল বাকলি থাকে তাক আঁতৰাই লওক। সেই বাকলি ক্ষতস্থানত হেঁচি ধৰি থাকিলেই ৰক্ত বন্ধ হ’ব দ্রুততাৰে। আনকি দ্রুতভাৱে ক্ষতৰ দাগ কমোৱাতো ই খুব কার্যকৰী।
জোতা পৰিষ্কাৰত
পুৰণই চামৰাৰ জোতাত বগা দাগ পৰি যায়। ভেকুৰো জন্মিব পাৰে। কণীৰ বগা অংশ কাপোৰত লৈ ঘঁহি ঘঁহি পৰিষ্কাৰ কৰক।
আঠা হিচাবে
ঘৰত আঠা শেষ হ’লে ময়দা, চেনি, কণীৰ বগা অংশ আৰু অলপ পানী মিহলাই প্ৰস্তুত কৰিব পাৰি আঠা। সেই আঠা ব্যৱহাৰ কৰিব পাৰে বিকল্প হিচাবে।














