নিউজ ডেস্কঃ
পাৰ হৈ যোৱা ১৪টা বছৰত (২০০৬-২০১৯) পৃথিৱীৰ প্ৰায় ১,২০০ সাংবাদিকৰ হত্যা কৰা হৈছিল জনসাধাৰণৰ আগত সত্য প্ৰতিষ্ঠাৰ চেষ্টা কৰাৰ বাবে ৷ প্ৰতি ১০জন অপৰাধীৰ ভিতৰত ৯জনেই কোনো শাস্তি নোপোৱাকৈ দায়মুক্ত হৈ বাচি আহে আইনৰ সন্মুখৰপৰা ৷ এই ঘটনাই আইন ভংগ, অধিক হত্যা আদিৰ দিশে অপৰাধীক আকৰ্ষণ কৰাৰ লগতে আইনৰ প্ৰতিও আস্থা হেৰাবলৈ ধৰিছে দেশ সমূহৰ জনতাৰ ৷
এই হত্যা বিলাকৰ উপৰিও সাংবাদিকক মানসিক আৰু শাৰীৰিক অত্যাচাৰ, তেওঁলোকক বাকৰুদ্ধ কৰাৰ চেষ্টা, বন্দী আদিৰ দৰে অপৰাধ আৰু মহিলা সাংবাদিকৰ ওপৰত হোৱা যৌন অত্যাচাৰবোৰো সমাজৰ আইন শৃংখলাত বেয়া প্ৰভাৱ পেলাব পৰা ঘটনা ৷
UNESCO এই সন্দৰ্ভত সচেতন যে এই ধৰণৰ ৰাষ্ট্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত হোৱা অপৰাধৰ দোষীৰ দায়মুক্তিয়ে সমগ্ৰ মানৱ জাতিৰ ওপৰতে বেয়া প্ৰভাৱ পেলাব ৷ মানৱ অধিকাৰ খৰ্ব, ভ্ৰষ্টাচাৰ আৰু অপৰাধৰ বিৰুদ্ধে প্ৰত্যেকখন দেশৰ চৰকাৰ আৰু জনতাক একেলগ হৈ মাত মাতিবৰ বাবে UNESCOএ স্থিৰ কৰিছিল ২ নৱেম্বৰত সাংবাদিকৰ বিৰুদ্ধে হোৱা অপৰাধৰ দায়মুক্তকৰণ শেষ কৰাৰ আন্তৰ্জাতিক দিৱস পালন কৰিবলৈ ৷
এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ A/RES/68/163 সংকল্পত ৷ ২ নৱেম্বৰ দিনটো এই আন্তৰ্জাতিক দিৱসৰ বাবে বাচি লোৱা হৈছিল ২০১৩চন ২নৱেম্বৰত মালিত হত্যা হোৱা সাংবাদিক দ্বয়ৰ সোঁৱৰণত।