ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত উপস্থিত হৈছে ইজৰাইলৰ ৰাষ্ট্ৰদূত ড° ৰন মাল্কা। ইণ্ডো-ইজৰাইলৰ মাজত সূচনা হোৱা নতুন কৃষি বিপ্লৱৰ জৰিয়তে উক্ত দুয়োখন দেশৰ মাজত মৈত্ৰী স্থাপনৰ সিদ্ধান্ত লৈছে কেন্দ্ৰ চৰকাৰে। এনে উদ্দেশ্য আগত ৰাখিয়ে সোমাবাৰে ভাৰত-ইজৰাইলৰ সমীপৱৰ্তী ক্ষেত্ৰীত ইজৰাইলৰ ৰাষ্ট্ৰদূত ড° ৰন মাল্কাৰ উপস্থিতিত প্ৰস্তাৱিত কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে মূখ্যমন্ত্ৰী সোণোৱালে।
কৃষি মন্ত্ৰী অতুল বৰাৰ মতে, শীঘ্ৰে কৃষকৰ বাবে মুকলি কৰা হ’ব এই অত্যাধুনিক কৃষি প্ৰকল্পটো। কেন্দ্ৰটোৰ অধীনত ইজৰাইলৰ বেঙেনা, কেপচিকাম, ফ্ৰেচবীন, জলকীয়া ইত্যাদি শাক–পাচলি উৎপাদন হ’ব। ইণ্ডো–ইজৰাইল কৃষি উৎকৰ্ষ সাধন কেন্দ্ৰটো চৰকাৰ, কৃষক, কৃষি বিজ্ঞানী আৰু ৰাইজৰ মাজৰ যোগাযোগৰ কেন্দ্ৰও হ’ব বুলি মন্তব্য কৰে কৃষি মন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে, ক্ষেত্ৰীত উপস্থিত হৈ ৰাষ্ট্ৰদূত গৰাকী অভিভূত হোৱাৰ লগতে তেওঁ আশা কৰিছে যে এই কৃষি কেন্দ্ৰৰ জৰিয়তে দুয়োখন দেশৰ মৈত্ৰী স্থাপন হ’ব। দুদিনীয়া ভ্ৰমণসূচী লৈ অসমলৈ অহা ড০ ৰণ মাল্কাই মঙলবাৰে নতুন দিল্লীলৈ উভতি যাব। অসমৰ ভূমিত ইজৰাইলৰ কৃষি উৎপাদনৰ সুবিধা দিয়াৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ভূয়সী প্ৰশংসা কৰে।












