ষ্টাফ ৰিপ’ৰ্টাৰ:
ক্ষেত্ৰীত সংঘটিত হৈছে এক শোকাৱহ দূৰ্ঘটনা। পুখুৰীত পৰি এটি আঢ়ৈ বছৰীয়া শিশুৱে আঁকোৱালিলে মৃত্যুক। ক্ষেত্ৰী থানাৰ অন্তৰ্গত দুৰুং গাঁৱৰ দক্ষিণধাপ অঞ্চলৰ নিবাসী হৃদয় দাসৰ আঢ়ৈ বছৰীয়া পুত্ৰই পুখুৰী পাৰত ওমলি থকা অৱস্থাতেই পানীত পৰে।
পিতৃয়ে জনোৱা মতে, শিশুটিক ততাতৈয়াকৈ উঠাই ক্ষেত্ৰীৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে শিশুটোক মৃত ঘোষণা কৰে।












