নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১৩৮৬ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ১৩৮৬ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৬০২২ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৩৬ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ আক্ৰান্তৰ হাৰ ১.২৯ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২,০৬৩৫১জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৯৩৬৭গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,৯৬০৫১ গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৯৫.০ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯৩০ গৰাকীলৈ বৃদ্ধি পালে।












