স্বাস্থ্য প্ৰতিবেদন:
কিছুমান মানুহৰ বিপাক ক্রিয়া অর্থাৎ মেটাবলিজম কম থাকে, ফলত তেওঁলোকে পানী খালেও শকত হয়। কিন্তু সুখৰ কথা, চিকিৎসক আৰু বিজ্ঞানীসকলৰ ওচৰত এনো কিছু অস্ত্র আছে যাৰ সহায়ত তেওঁলোকৰ শৰীৰৰ বিপাক ক্রিয়া বৃদ্ধিৰ ঔষধ দিব পাৰে। তাৰ পিছত সেইো বজায় ৰাখি চলিব পাৰিলে আৰু ওজনৰ কথা ভাবিবলগা নহয়। কোভিডৰ দুশ্চিন্তাও কমে কিছু পৰিমাণে।
মেটাবলিজম বঢ়াবলৈ কি কি কৰিব
• পুৱাৰ চাহৰ পৰা নিশাৰ খাদ্য পর্যন্ত, কমেও ছয়বাৰ খাওক। ইয়াত বিপাক ক্রিয়া সচল থাকে। ইয়াৰ উপৰি শৰীৰৰ নিজস্ব কামকাজ চলাবলৈ যিমান কেলৰি লাগে (মধ্য বয়সীয়া মহিলাৰ মোটামুটি ১২০০–১৩০০ কেলৰি, পুৰুষৰ ১৪০০–১৫০০ কেলৰি) সেয়া অৱশ্যেই খাওক। কায়িক পৰিশ্রম বা ব্যায়ামৰ অভ্যাস থাকিলে ১৬০০, ১৮০০, আনকি ২০০০ কেলৰিও খাব পাৰে। মনত ৰাখিব এই কেলৰিৰ প্রায় সকলোখিনিয়ে যেন স্বাস্থ্যকৰ খাদ্যৰ পৰা আহে।
• দিন আৰম্ভ কৰক প্রটিনসমৃদ্ধ সুষম খাদ্যৰে। নহলে ওজন বৃদ্ধিৰ আশঙ্কা প্রায় চাৰে চাৰি গুণ হৈ যায়। পিছৰ খাদ্যবোৰতো যেন প্রটিনত ভৰপূৰ থাকে। ইয়াৰ ফলত যেনেদৰে পেট বহু সময় ভৰ্তি থাকে, প্রটিনৰ গুণত শৰীৰৰ কেলৰি খৰচো বাঢ়ি যায় প্রায় ৩৫ শতাংশ।
• দিনত দুই–তিনবাৰ চেনি নোহোৱা ব্লেক টী বা কফি খাওক। কফিৰ কেফেইনেৰ প্রভাৱত ৫–৮ শতাংশৰ বিপাক ক্রিয়া বঢ়ায়। ৯৮–১৭৪ কেলৰি বেছি খৰচ হয়। চাহে বিপাক ক্রিয়া বঢ়ায় প্রায় ১২ শতাংশ। গ্রিন টি আৰু ভাল।
• দিনত ৩ প্ৰকাৰৰ ফল আৰু বিভিন্ন শাক–পাচলি খাওক। অন্যান্য পুষ্টিৰ উপৰি ২৫–৩০ গ্রাম ফাইবাৰ পাব। আৰু ইয়াত প্রায় ৩০ শতাংশ চর্বি কমিব।
• দিনত কমেও ৬ কাপ ঠাণ্ডা পানী খাওক। ৫০ কেলৰিৰ বেছি খৰচ হব।












