ষ্টাফ ৰিপ’ৰ্টাৰ:
অভিশপ্ত ৩০ অক্টোবৰ বোমা বিস্ফোৰণত প্ৰাণ হেৰোৱা সকলক শ্ৰদ্ধাঞ্জলি সদৌ অসম ছাত্ৰ সন্থাৰ।গুৱাহাটীৰ আছু কার্যালয় শ্বহীদ ন্যাসত আছু কেন্দ্ৰীয় নেতৃত্বই নিহত সকলৰ আত্মা সদগতি বাবে বন্তি প্ৰজ্বলন কৰে।
বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থাকে আছু সভাপতি দীপাংক কুমাৰ নাথ।ৰাজ্য চৰকাৰক সমালোচনা কৰি সভাপতি গৰাকীয়ে কয়- ১২বছৰৰ পাছতো বিস্ফোৰণত শ্বহীদ আৰু ঘুনীয়া হোৱা পৰিয়ালক সংস্থাপন কোনো ব্যৱস্থা নকৰিলে।ঘটনাৰ সংঘটিত কৰা সকল টিঘিল ঘিলাই ঘূৰি ফুৰিছে।সেই সকলক দৃষ্টান্ত মূলক শাস্তি ব্যৱস্থা কৰিব লাগে”।
সন্ত্ৰাসবাদ নিপাত যাওঁক বাণীৰে সমগ্ৰ ৰাজ্যত আছুৱে প্ৰজ্বলন কৰে বন্তি।উল্লেখ ২০০৮ চনত এন দি এফ বি ৰঞ্জন দৈমাৰী গোট দ্বাৰা সংঘটিত কৰা ধৰা ধাৰাবাহিক আই.ই.ডি বিস্ফোৰণত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰৰ আকাশ কলা ধোঁৱাৰে ধূসৰিত কৰিছিল।












