ষ্টাফ ৰিপ’ৰ্টাৰ:
পুত্ৰমোহত আৱদ্ধ হৈ ৰঙাঘৰৰ আলহী হ’ল মহানগৰীৰ এগৰাকী বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ। JEE ২০২০ বৰ্ষৰ পৰীক্ষাত ২০ লাখ টকাৰ বিনিয়মত পুত্ৰক পৰীক্ষা নিদিয়াকৈ উত্তীৰ্ণ কৰোৱা চিকিৎসক জ্যোতিৰ্ময় দাস সহ ৫ গৰাকী অন্য লোকক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে।
যোৱা ২৩ অক্টোবৰ তাৰিখে মিত্ৰদেৱ মহন্ত নামে এজন ব্যক্তিয়েই ঘটনা সন্দৰ্ভত আজাৰা আৰক্ষী চকীত ৰুজ কৰিছিল গোচৰ আৰু সেই পৰিপ্ৰেক্ষিততে ৬২৪/২০২০ নম্বৰৰ গোচৰত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি) ৪১৯/৪০৬ ধাৰাত ডাউন টাউন হাস্পাতালৰ চিকিৎসক গৰাকীৰ লগতে তেওঁৰ পুত্ৰ নীল নক্ষত্ৰ,হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু তিৰুকমল পাঠকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
২০ লাখ টকাৰ বিনিময়ত পুত্ৰ নীল নক্ষত্ৰই শীৰ্ষ স্থান লাভ কৰিছিল JEE ২০২০( মেইন)ত। টকাৰে শিক্ষা কিনাৰ মানসিকতা ৰখা স্বত্বেও যেন এই কাৰ্যত সফল নহ’ল চিকিৎসক জ্যোতিৰ্ময় দাস।












