স্বাস্থ্য প্ৰতিবেদন:
আমাৰ মাজত বহুতৰেই ধাৰণা আছে জণ্ডিচ এবিধ ৰোগ। কিন্তু আচলতে সেয়া নহয়। জণ্ডিচ হ’ল এটি ৰোগৰ লক্ষণ মাত্ৰ। তিনি ধৰণৰ জণ্ডিচৰ লক্ষণ দেখা যায়- হেপাটাইটিছ এ, বি আৰু ই। সেয়ে সকলোৱে হেপাটাইটিছৰ টীকা লোৱাটো ভাল।
হেপাটাইটিছ এ আৰু বি পানীৰ মাধ্যমেৰে হয় আৰু হেপাটাইটিছ-ই ৰক্তৰ মাধ্যমেৰে কোনো ৰোগীৰ হ’ব পাৰে। চিকিৎসকৰ মতে, জণ্ডিচ হ’লে বহুতেই বুজি নাপায়, কিন্তু যেতিয়া কাৰোবাৰ চকুৰ ৰং, প্রস্বাৱ হালধীয়া হৈ থাকে, তেনেহ’লে তেওঁ লগে লগে চিকিৎসকৰ পৰামর্শ লোৱা উচিত।
জণ্ডিচ হ’লে কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে জানি লওঁ আহক :
জণ্ডিচ হ’লে ৰোগীয়ে বেছি পৰিশ্রম কৰিব নালাগে। অর্থাৎ কোনো কঠিন কাম নকৰাই উচিত। জণ্ডিচ সাধাৰণতে লিভাৰৰ ৰোগ। বিশেষ গধুৰ কাম কৰাৰ ফলত লিভাৰৰ ওপৰত চাপ সৃষ্টি হ’ব পাৰে, সেয়ে লঘু কাম কৰিব পাৰে।
আনহাতে, খাদ্যৰ দিশৰ পৰা তেনে ধৰণৰ কোনো বাধা-নিষেধ নাথাকিলেও জণ্ডিচ হ’লে লিভাৰৰ ওপৰত বেছি প্রভাব পৰে। সেয়ে চর্বিজাতীয় এই সময়ত নোখোৱাই ভাল। অর্থাৎ ঘিঁউ, মাখন ছাগলীৰ মাংস এইবোৰ জণ্ডিচৰ সময়ত একেবাৰে এৰি দিয়াই ভাল।
ইয়াৰ উপৰি জণ্ডিচৰ সময়ত বহুতে বাৰে বাৰে পানী খাই থাকে। কিন্তু জণ্ডিচৰ ধৰণ অনুযায়ী পানী খোৱা ভাল। সেয়ে এই সময়ত কুঁহিয়াৰৰ ৰস, ডাবৰ পানী আদি খালে শৰীৰ ঠাণ্ডা হৈ থাকিব। কিন্তু অৱশ্যেই জণ্ডিচৰ ধৰণ অনুযায়ী কুঁহিয়াৰৰ ৰস, ডাবৰ পানী খাব।
বহুতে ভাবে হালধি দিয়া খাদ্য খোৱা উচিত নহয়। এই ধাৰণা সম্পূর্ণ ভুল। জণ্ডিচৰ কাৰণ হ’ল ৰক্তত বিলিৰুবিন নামৰ এবিধ উপাদান বাঢ়ি যোৱা। যাৰ সৈতে হালধিৰ কোনো সম্পর্ক নাই। আনহাতে, জণ্ডিচত আক্রান্ত কোনো মাতৃয়ে তেওঁৰ শিশুক গাখীৰ খুৱাব নোৱাৰে বুলি ভবা ধাৰণাটো ভুল। কিন্তু মাতৃ হেপাটাইটিছ বি ভাইৰাছত আক্রান্ত হ’লে শিশুক টীকাকৰণ কৰোৱা উচিত।