ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : বিশিষ্ট সাহিত্যিক, জীৱনীকাৰ, অসমীয়া পত্ৰ সাহিত্যৰ প্ৰণেতা উপেন্দ্ৰ বৰকটকীৰ ৭৯ সংখ্যাক জন্মদিন উপলক্ষে কালি বিজয়া দশমীৰ দিনটোত ‘স্মৃতি অভিজ্ঞতা আৰু সান্নিধ্যৰ সোঁৱৰণ’ নামৰ বৰ্ষীয়ান সাহিত্যিক গৰাকীৰ শেহতীয়া গ্ৰন্থখন এক অনাড়ম্বৰ আৰু ঘৰুৱা পৰিৱেশত উন্মোচন কৰা হয়।
নগাঁও চহৰৰ ৰত্নপুৰ অঞ্চলত থকা সাহিত্যিক গৰাকীৰ বাসগৃহত গ্ৰন্থখন উন্মোচন কৰে শিল্পী পেন্সন প্ৰাপক বিশিষ্ট অভিনেতা কানু বেজবৰুৱাই৷ উল্লেখ্য যে নগাঁৱৰ বিৰিখ প্ৰকাশকে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনত স্মৃতি, অভিজ্ঞতা বিষয়ক চব্বিছ টা প্ৰবন্ধৰ উপৰি সান্নিধ্যৰ সোঁৱৰণ শিতানত শিশুপ্ৰাণ নবীন শৰ্মা, কটন কলেজৰ অৱসৰপ্ৰাপ্ত কৃতী অধ্যাপক, শিক্ষাবিদ মহেশ চন্দ্ৰ ভূঞা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগেশ দাস আৰু বীৰেন্দ্ৰনাথ দত্ত প্ৰমুখ্যে আঠ গৰাকী ব্যক্তিৰ বিষয়ে আলোচনা কৰা হৈছে।
আনহাতে জীৱনৰ বেলি লহিওৱাৰ পৰত ,অৱসৰৰ মুহূর্তত অতীত স্মৃতি ৰোমন্থন আৰু আঠ গৰাকী বৰেণ্য ব্যক্তিৰ সান্নিধ্যৰ আধাৰত গ্ৰন্থখন ৰচনা কৰা বুলি সাহিত্যিক বৰকটকীয়ে জানিবলৈ দিয়ে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বৰ্ষীয়ান সাহিত্যিক গৰাকীৰ পত্নী ভাৰতী বৰকটকী, পুত্ৰ তথা বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকী, নগাঁও আকাশবাণী কেন্দ্ৰৰ চিদানন্দ দেৱ গোস্বামীৰ উপৰি সাহিত্যিক বৰকটকীৰ পৰিয়ালৰ ভালে কেইগৰাকী লোক উপস্থিত থাকে ।












