ষ্টাফ ৰিপ’ৰ্টাৰ:
চাৰিদিনীয়া ভ্ৰমণসূচীৰে ১ নৱেম্বৰত অসমত উপস্থিত হ’ব জিতেন্দ্ৰ সিং৷ উল্লেখযোগ্য যে জিতেন্দ্ৰ সিঙে হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন দায়িত্ব লাভ কৰিছে আৰু দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমটো অসম ভ্ৰমণ।
জানিব পৰা মতে, ১ নৱেম্বৰৰ দুপৰীয়া ১১.২০ বজাত দিল্লীৰ পৰা পোনে পোনে ডিব্ৰুগড়ত উপস্থিত হ’ব। তাত উজনি অসমৰ কংগ্ৰেছী বিধায়ক, প্ৰাক্তন বিধায়ক, সাংসদ, প্ৰাক্তন সাংসদ তথা দলীয় নেতৃবৰ্গ আৰু চাহ জনগোষ্ঠীৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হ’ব৷ সিদিনা নিশাটো ডিব্ৰুগড়ত কটাই ২ নৱেম্বৰত যোৰহাটলৈ যাব।
যোৰহাটত উজনি অসমৰ ব্লক কংগ্ৰেছ সভাপতিসকলৰ লগতে ৯খন জিলাৰ সভাপতিসকলৰ সৈতে আলোচনাত মিলিত হ’ব৷ ইয়াৰ পৰা তেওঁ বিয়লি গৈ নগাঁৱত উপস্থিত হ’ব৷ তাত জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে আলোচনাত মিলিত হৈ নিশাটো নগাঁও আৱৰ্ত ভৱনত কটাব।
৩ নৱেম্বৰৰ দিনটো মধ্য অসম, উত্তৰ অসম আৰু পাহাৰীয়া জিলা কেইখনৰ সৈতে ৮খন জিলাৰ কংগ্ৰেছ কমিটিৰ সৈতে আলোচনা কৰিব৷ লগতে বিধায়ক, প্ৰাক্তন বিধায়ক, সাংসদ আৰু প্ৰাক্তন সাংসদসকলৰ সৈতেও মত বিনিময় কৰিব। তাৰ পিছত তেওঁ আবেলি গুৱাহাটী অভিমুখে ৰাওনা হ’ব।
উক্ত দিনাই সন্ধিয়া ৬ বজাত তেওঁ গুৱাহাটীত এপিচিচিৰ ক’ৰ কমিটীৰ সৈতে বৈঠকত বহিব৷ ৮ বজাত বৈঠকত বহিব মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এনএছইউআই, সেৱাদল আৰু যুৱ মৰ্চাৰ সৈতে৷ পিছদিনা অৰ্থাৎ ৪ নৱেম্বৰৰ পুৱা ৮ বজাত সাংবাদিকৰ সৈতে চাহমেল অনুষ্ঠিত কৰি জিতেন্দ্ৰ সিঙে সংবাদ মেল সম্বোধন কৰিব৷ তাৰ পিছতে তেওঁ দিল্লীলৈ উৰা মাৰিব।
উল্লেখযোগ্য যে ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জিতেন্দ্ৰ সিঙৰ এই ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কংগ্ৰেছত চলি থকা আভ্যন্তৰীণ বিসম্বাদ, নেতৃত্ব কেন্দ্ৰিক সংঘাত আদি আঁতৰাই নিৰ্বাচনৰ বাবে কেনে ৰণনীতি তৈয়াৰ কৰে সেয়া লক্ষণীয় হ’ব। আনহাতে, মিত্ৰতা সন্দৰ্ভতো দলটোৰ স্থিতি কি হয় সেয়াও গুৰুত্বপূৰ্ণ বিষয় হ’ব।












