ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : বিজয়া দশমীৰ নিশা নগাঁও জিলাত সংঘটিত চাঞ্চল্যকৰ ঘটনা। কঠিয়াতলী বামণ গোঁসাই থানত পূজাৰীক ডেগাৰ দেখুৱাই দূবৃত্তই লুটি নিলে মন্দিৰৰ মূল্যবান সামগ্ৰী।
মন্দিৰৰ সোণ ৰূপৰ অলংকাৰৰ লগতে পানীৰ মটৰ, তাল আৰু দানপত্ৰ ভাঙি নগদ ধন চুৰি কৰাৰ উপৰিও মন্দিৰৰ পাকঘৰত সুৰাপানো কৰে দূবৃত্তই। ঘটনা সন্দৰ্ভত ইতিমধ্যে কঠিয়াতলী আৰক্ষী চকীত মন্দিৰ পৰিচালনা সমিতিয়ে এজাহাৰ দাখিল কৰে।












