ৰীমা দত্ত:
২০২০ চনৰ ব্যতিক্ৰমী শাৰদীয় দূৰ্গোৎসৱৰ আজি শেষৰটো দিন অৰ্থাৎ আজি বিজয়া দশমী। দেশৰ প্ৰতিজন ভক্তপ্ৰাণ ৰাইজে অশ্ৰুসিক্ত নয়নেৰে বিদাই দিছে দেৱী দূৰ্গাক। কিন্তু, এইবাৰ যেন মাৰ বিদায় পৰতো নাই কোনো জনসাধাৰণৰ ভিৰ; মাক শেষবাৰ দেখা দিবলৈও যেন এইবাৰ অপাৰগ ভক্তগণ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেৱী বিসৰ্জন কৰা হৈছে । দেৱী বিসৰ্জন বাবেও প্ৰশাসনে বান্ধি দিছিল বিভিন্ন নীতি নিয়ম ।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ কাছমাৰী ঘাট, পাণ্ডু ঘাট, চেক্টৰ ৱান আদিত প্ৰশাসনে দেৱী বিসৰ্জনৰ ব্যৱস্থা কৰে ।
নগাৱঁৰ কলং নদীৰ নেহেৰু বালি ঘাট,ডিফলু ঘাট,গোমঠা গাওঁ ঘাট,ৰহা চকী ঘাট,তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ জাহাজ ঘাট,যোৰহাটৰ নিমাতী ঘাটৰ লগতে পাগলাদিয়া, আই নৈ, বেকী,কালদিয়া ইত্যাদি নৈ সমূহতো বিসৰ্জন কৰে মা দুৰ্গাক।
বিসৰ্জনৰ স্থান সমূহত এছডিআৰএফ আৰু এনডিআৰ এফৰ,অসম আৰক্ষী,স্বেচ্ছাসেৱক উপস্থিত থাকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে অৱশ্যে এইবাৰ মৃন্ময় প্ৰতিমাৰ সলনি ঘট পূজা কৰাৰ বাবে পূৰ্বৰ তুলনাত এইবাৰ বিসৰ্জনস্থলী সমূহো খালি থকাৰ উপৰিও প্ৰতি বছৰৰ দৰে এইবাৰ অত্যাধিক যান যঁটৰ সমস্যাৰ সন্মুখীনো হ’বলগীয়া হোৱা নাই জনসাধাৰণ। উল্লেখ্য যে, ক’ৰোণা ভাইৰাছৰ ফলত বান্ধি দিয়া প্ৰতিমা বিসৰ্জন নিয়মনুসৰি বিসৰ্জন পৰ্ব সন্ধিয়া পৰ্যন্ত চলিব বুলি ধাৰণা কৰা হয়।












