স্বাস্থ্য প্ৰতিবেদন:
কণীৰ ওপৰত ভৰসা কৰাৰ মূল কাৰণ এটাই। স্বাদ, পুষ্টি আৰু সুষম আহাৰৰ সন্ধানত কণীৰ সৈতে ফেৰ মাৰিব পৰা খাদ্য খুব কম। পূৰ্বতে ভবা হৈছিল কণী খালেই শকত হয়, ওজন বৃদ্ধি পায়।
কণীৰ কুহুমত কলেষ্টেৰল বাঢ়ে বুলিও ধাৰণা আছে। কিন্তু আধুনিক গৱেষণাই প্রমাণ কৰিছে, এই ধাৰণাৰ কোনো ভিত্তি তেনেদৰে নাই। বৰং কণীৰ কুহুমে বেয়া কলেষ্টেৰল (এলডিএল) কমাই ভাল কলেষ্টেৰল (এইচডিএল) বৃদ্ধিত সহায় কৰে।
পিছে কণী কেতিয়া, কেনেদৰে খাইছে, সেইটোৱে মূল কথা বুলি পুষ্টিবিদসকলে কয়। কণী খালে কেতিয়াও ওজন নাবাঢ়ে। শকত হোৱাৰ লগত কণীৰ মুঠেও কোনো সম্পর্ক নাই। প্রত্যেক সুস্থ মানুহেই দৈনিক এটাকৈ কণী খাব পাৰে।
হৃগৰোগীসকলকো এটাকৈ কণী দিব পাৰে। কাৰোবাৰ কিডনিৰ সমস্যা থাকিলে প্রোটিন নিয়ন্ত্রণৰ এটা কথা থাকে, তেনে ক্ষেত্রত চিকিৎসকৰ পৰামর্শ লোৱা প্রয়োজন। কিন্তু একেলগে একাধিক কণী খালে ক্ষতি হ’ব পাৰে। হ’ব পাৰে বদহজমৰ সমস্যাও।
সাধাৰণতে কণী সিদ্ধ কৰি খোৱাই ভাল। অতিৰিক্ত তেল-মচলাৰ সহায়ত কণী ৰান্ধিলে বদহজম আৰু ওজন বৃদ্ধিৰ বিষয়টো আহিব পাৰে।
চালাড হিচাবে পালেং, তিঁয়হ, ব্রকলি, সিদ্ধ কৰা গাজৰ, মটৰমাহ, বিলাহী-পিঁয়াজৰ চালাডৰ সৈতে মিহলাই দিয়ক সিদ্ধ কণী। ওপৰত ছটিয়াই দিয়ক জালুক আৰু নেমুৰ ৰস। ইয়াত গোটেই কণীটোৰ পুষ্টিগুণ যিমান পাব, তেনেদৰে সেউজীয়া শাক-পাচলি আৰু গাজৰৰ প্রভাৱত চৰ্বিও নাবাঢ়ে। ফলত কণীয়ে ওজন বৃদ্ধি নকৰিব।
ওটছৰ সৈতে কণীৰ সৈতে ওটছ খাওক। ওটছে পাচনমূলক এচিড ক্ষৰণত বাধা দিয়ে। ওটছে শৰীৰত বৰ্ধিত কলেষ্টেৰল আৰু ট্রাইগ্লিচাৰাইড জমা হোৱাৰ পথত বাধা দিয়ে। আনহাতে, কণীয়ে প্রটিনৰ যোগান ধৰে। ফলত ওটছ আৰু কণীয়ে একেলগে কাম কৰিলে চৰ্বি জমা হোৱাটো কঠিন হৈ পৰে।
পানীৰে পোচ
তেল নহয়, কণীৰ পোচ বনাওক পানী আৰু ভিনেগাৰৰ সহায়ত। এটি পাত্রত অলপ পানী লৈ তাত অলপ ভিনেগাৰ যোগ কৰি পানীখিনি লৰাই দিয়ক। এইবাৰ খুব সাৱধানে প্রথমতে কণীৰ বগা অংশখিনি পানীত পেলাওক। তাৰ ওপৰত পেলাওক কণীৰ কুহুম। এনেদৰে কুহুমখিনি দিব লাগিব যাতে সেয়া ভাঙি নাযায়। কিছু সময় পিছত কণীৰ বগা অংশখিনি ফুলি উঠি হালধীয়া কুহুমখিনি ছাকি দিব। বগা আৱৰণৰ ভিতৰত টলমলাব কুহুমখিনি। কৰচেৰে পোচটো আলসুৱাকৈ দাঙি নিয়ক পানীৰ পৰা। তেল অবিহনে এনে পোচেই সমগ্ৰ বিশ্বত জনপ্রিয়। কণীৰ সকলো পুষ্টিগুণ পাব এই পোচৰ পৰা। চৰ্বী জমা হোৱাৰো ভয় নাথাকে।