স্বাস্থ্য প্ৰতিবেদন
ক’ৰোনা ভাইৰাছে হাওঁফাওঁত সংক্রমণ সৃষ্টি কৰে। ইয়াৰ ফলত ৰোগীৰ জীৱনলৈ ভাবুকি আহে। শৰীৰৰ কার্যক্রম ভালদৰে সচল কৰি ৰাখিবলৈ হাওঁফাওঁৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। হাওঁফাওঁৱে প্রতিনিয়ত বায়ু গ্রহণ কৰিছে, ইয়াৰ উপৰি বায়ু দূষণকাৰী পদার্থৰ সংস্পর্শলৈও আহিছে।
এইবোৰ বায়ু প্ৰদূষকে শ্বাসতন্ত্রীয় স্বাস্থ্য সমস্যাৰ সম্ভাৱনা বৃদ্ধি কৰিছে, যেনে- এজমা, ব্রঙ্কাইটিছ, ছিষ্টিক ফাইব্রোছিছ, নিউমোনিয়া তথা অন্যান্য। হাওঁফাওঁ দুটিক সুস্থ ৰখাৰ এটি ভাল উপায় হৈছে নিয়মিত শৰীৰচর্চা কৰা আৰু স্বাস্থ্যকৰ খাদ্য খোৱা।
স্বাস্থ্যকৰ খাদ্যই অসুস্থতাৰ পৰা সুৰক্ষিত ৰাখে আৰু জীৱনৰ আয়ুস বৃদ্ধিত সহায় কৰে। আজি হাওঁফাওঁক সক্রিয় আৰু কার্যক্ষম কৰি ৰাখিবলৈ সহায় কৰা এনে কিছু খাদ্যৰ কথা
উল্লেখ কৰা হ’ল-
নহৰু :
নহৰুত এণ্টি-ইনফ্লেমেটৰী বৈশিষ্ট্য আছে। ই শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়াই তোলে। হাওঁফাওঁৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা কমোৱাত নহৰুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
পানী :
পানীয়ে হাওঁফাওঁ পৰিষ্কাৰ ৰাখে। হাওঁফাওঁ ভালে ৰাখিবলৈ প্রতিদিনে পর্যাপ্ত পৰিমাণৰ পানী খাব লাগিব।
আপেল আৰু বিলাহী :
যিয়ে পূৰ্বতে ধুমপান কৰিছিল তেওঁলোকৰ বাবে আপেল আৰু বিলাহী খুবেই উপকাৰী। আপেলত উচ্চ মাত্রাৰ এণ্টিঅক্সিডেণ্ট আছে। আপেলত থকা ফেনোলিক যৌগ আৰু ফ্লেভনয়েডে শৰীৰৰ প্রদাহ কমায়।
ভিটামিন ডি :
ভিটামিন ডি-সমৃদ্ধ খাদ্য যেনে: গাখীৰ আৰু কণীয়ে ৰোগ প্রতিৰোধ ক্ষমতা বঢ়াই তোলে আৰু ক্ষতিৰ পৰা হাওঁফাওঁক ৰক্ষা কৰে। ইয়াৰ উপৰি ই কৰোনাৰ বিৰুদ্ধে যুঁজ কৰি শৰীৰক সুস্থ ৰাখে।
গ্রিন টী :
গ্রিন টীত উচ্চ মাত্রাৰ এণ্টিঅক্সিডেণ্ট আছে। নিয়মিত গ্রিন টী খালে হাওঁফাওঁ ভালে থাকে। ২০১৭ চনত কোৰিয়ান এক গৱেষণাৰ পৰা জনা গৈছে, যিসকলে নিয়মিত দুই কাপ গ্রিন টী পান কৰে, তেওঁলোকৰ হাওঁফাওঁৰ কার্যকাৰিতা বঢ়াই তোলে।
ফেটি এচিড :
ফেটি এচিডসমৃদ্ধ সামুদ্রিক মাছে হাওঁফাওঁৰ কার্যকাৰিতা বঢ়ায়।
বাদাম আৰু বীজ :
বাদাম আৰু বিভিন্ন বীজে হাওঁফাওঁ ভালে ৰখাত সহায় কৰে। মিঠালাউৰ বীজ, সূর্যমুখীৰ বীজ, আখৰোট, পেস্তাবাদাম আৰু কাজুবাদামত প্রচুৰ পৰিমাণে মেগনেছিয়াম আৰু খনিজ আছে। এইবোৰ খাদ্যই শৰীৰ ভালে ৰখাত সহায় কৰে।
ব্রোকলি :
ব্রোকলিত উচ্চ পৰিমাণে ভিটামিন চি, কেৰোটিনয়েড, ফোলেট আৰু ফাইটোকেমিকেল পোৱা যায়- এইবোৰে হাওঁফাওঁক ধ্বংসাত্মক উপাদানৰ পৰা ৰক্ষা কৰে। ব্রোকলিত এল-ছালফোৰাফেন নামৰ সক্রিয় উপাদান আছে, যিয়ে কোষক প্রদাহনাশক জিন সক্রিয় কৰাত কৌশল খটায়- এনেদৰে শ্বাসতন্ত্রীয় সমস্যা সমাধানত সহায় কৰে।
জালুক :
জালুকত থকা কেপাছেইচিন উপাদানে শ্বাসকষ্টজনিত সমস্যা কমায়।