স্বাস্থ্য প্ৰতিবেদন:
উপসর্গহীন আৰু মৃদু সংক্রমিত ক’ৰোনা ৰোগীসকলে বিচাৰিলে ঘৰতে থাকিয়েই চিকিৎসা কৰাব পাৰে। ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছার্চ (ICMR)-এ জনাইছে, দেশৰ ৮০ শতাংশ ক’ৰোনা ৰোগী উপসর্গহীন। এই পৰিপ্রেক্ষিতত বিশ্বৰ চিকিৎসক মহলে পালছ অক্সিমিটাৰ ব্যবহাৰৰ পৰামর্শ দিছে।
কি এই পালছ অক্সিমিটাৰ? ক’ৰোনা মোকাবিলাত ইয়াৰ কাম কি? কেনেদৰেই বা ব্যবহাৰ হয়?
ৰক্তত অক্সিজেন আৰু পালছ ৰেট পৰিমাপৰ বাবে পালছ অক্সিমিটাৰ ডিভাইচ ব্যবহাৰ কৰা হয়। The New York Times-ত বিগত ২০ এপ্রিলত এখন প্রতিবেদন লিখে আমেৰিকাৰ বিখ্যাত চিকিৎসক-গৱেষক ৰিচার্ড লেভিটনে।
‘The Infection That’s Silently Killing Coronovirus Patients’ শীর্ষক এই প্রতিবেদনত প্রবীণ চিকিৎসকজনে ১০ দিন নিউয়র্কৰ বেলভিউ হস্পিটেলত স্বেচ্ছাসেৱী চিকিৎসক হিচাবে যিকেইজন ৰোগীৰ চিকিৎসা কৰিছে, পর্যবেক্ষণ কৰিছে তাত কোভিড-১৯-নিউমোনিয়াৰ মাৰণ প্রভাব উঠি আহিছে তেওঁৰ নজৰত।
কোভিড-১৯ আক্রান্ত যদি নিউমোনিয়াত আক্রান্ত হয় তাত প্রাণৰ আশঙ্কা বেছি বুলি মত চিকিৎসকসকলৰ। এই পৰিপ্রেক্ষিততে তেওঁ দাঙি ধৰিছে ‘ছাইলেন্ট হাইপক্সিয়া’ সমস্যা আৰু পালছ অক্সিমিটাৰ ব্যবহাৰৰ কথা।
ৰক্তত যদি অক্সিজেনৰ পৰিমাণ কমি যায় তাক চিকিৎসা বিজ্ঞানৰ পৰিভাষাত কোৱা হয় হাইপক্সিয়া। আৰু পালছ অক্সিমিটাৰ হ’ল এটি সৰু ডিভাইচ য’ত আঙুলিৰ মধ্যস্থান লগায়ে শৰীৰত oxygen saturation monitor আৰু পালছ ৰেট জোখা হয়। সাধাৰণতে কোনো সুস্থ ব্যক্তিৰ শৰীৰত ৯৭ শতাংশ অক্সিজেন ছেচুৰেচন হয়। যদি ৯২ শতাংশৰ তললৈ অক্সিজেন ছেচুৰেচন নামি যায় তেতিয়া তীব্র শ্বাসকষ্টৰ সমস্যা দেখা যায়। মস্তিষ্কত অক্সিজেনৰ ঘাটি হয় আৰু নানাবিধ সমস্যাৰ সৃষ্টি হয় শৰীৰত।
অক্সিজেন ছেচুৰেচন ৮০ শতাংশৰ তললৈ নামি গ’লে হৃৎপিন্ড, যকৃৎ, কিডনি ইত্যাদি বিকল হ’ব পাৰে। আকৌ কিছুমান কাৰণত ‘ছাইলেন্ট হাইপক্সিয়া’ৰ সমস্যা হয়। অর্থাৎ, কোনো ব্যক্তিৰ শৰীৰত অক্সিজেন ছেচুৰেচন কম, কিন্তু শ্বাসকষ্টজনিত সমস্যা দেখা নোযোৱাত তেওঁ সেইটো উপলব্ধি কৰিব নোৱাৰে।
কোভিড-১৯ আক্রান্ত কিছু ৰোগীৰ ক্ষেত্রত ঠিক একেই ঘটনা ঘটিছে বুলি জনাইছে চিকিৎসকসকলে। তেনে ক্ষেত্রত ভৰসাৰ ডাঙৰ যন্ত্র হ’ল এই পালছ অক্সিমিটাৰ
চিকিৎসকসকলৰ পৰামর্শ, কৰোনা ৰোগীৰ সংস্পর্শত অহা বা কম সংক্রমিতসকলৰ আঙুলিত পালছ অক্সিমিটাৰ লগাই অক্সিজেন ছেচুৰেচনৰ নিজেই নিয়মিত নজৰ ৰাখিব পাৰে। এই সৰু যন্ত্রই তেওঁলোকক কৰোনাৰ মাৰণ প্রকোপৰ পৰা ৰক্ষা কৰিব পাৰে।













