নিউজ ডেক্স:
সমুখত উৎসৱ; এই উৎসৱৰ সময়ছোৱাতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ।কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে অনুষ্ঠিত এক সংবাদ মেল যোগে ঘোষণা কৰিলে এক সুখবৰ। উৎসৱৰ ভাট্টা হিচাপে সকলো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তথা অফিচাৰক ১০ হাজাৰকৈ টকা দিয়াৰ কথা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।
কেন্দ্ৰীয় চৰকাৰৰ এই উপহাৰ মূলত আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ অৰ্থে। “ক’ৰণা ভাইৰাছে” কোঙা কৰা বজাৰখনক অধিক উন্নত কৰাৰ বাবে চৰকাৰে এই ঘোষণা কৰা বুলি অনুমান কৰে অৰ্থনৈতিক বিশেষজ্ঞ সকলে।
সংবাদমেল সম্বোধন কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, এয়া এটা এককালীন ভাট্টা, ইয়াত কোনো ধৰণৰ সুত নাথাকে। ৰুপে কাৰ্ডৰ হিচাপত দিয়া হ’ব এই ভাট্টা। ২০২১ৰ মাৰ্চ মাহৰ ৩১ তাৰিখৰ আগত এই ভাট্টা খৰচ কৰিব লাগিব বুলিও জনাই বিত্তমন্ত্ৰীগৰাকীয়ে। এই সমগ্ৰ প্ৰক্ৰিয়াটোত খৰচ হ’ব ৪ হাজাৰ কোটি টকা। এই ধন ১০টা কিস্তিত জমা কৰিব পাৰিব কৰ্মচাৰীসকলে।