ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষা কেলেংকাৰীৰে জড়িত অপৰাধত আৰক্ষীয়ে বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰিছে প্ৰায় ৪৫জন অভিযুক্তক।তাৰে ৪৩ জনৰ বিৰুদ্ধে আছে ঘটনাৰে পোনপটীয়াকৈ জড়িত গুৰুত্ব অভিযোগ- এই কথা প্ৰকাশ অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ।
ঘটনাৰ সন্দৰ্ভত চি আই ডি, ক্ৰাইম ব্ৰান্স আৰু বিভিন্ন জিলাত আৰক্ষীয়ে ৰুজু কৰিছে মুঠ পাঁচটাকৈ গোচৰ।কাহিলীপাৰা চতুৰ্দশ অসম আৰক্ষী বেটটেলিয়নত সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে।আৰক্ষী উপ-পৰিদৰ্শকৰ কেলেংকাৰী কম সময়ৰ ভিতৰতে অধিক অগ্ৰগতি লাভ কৰা বুলি লগতে তেওঁ কয়।
তাপৰ্যপূৰ্ণ কথা আৰক্ষীয়ে কম সময়ৰ ভিতৰত তদন্তৰ অগ্ৰগতি লাভ কৰিলেও বৰ্তমানলৈ প্ৰশ্ন কাকত কৰ পৰা কেনেকৈ ফাদিল হবলৈ পালে তাৰ কোনো সম্ভেদ বৰ্তমান সময়লৈ লাভ কৰা নাই।তাৰ বাবে তদন্তৰ অব্যাহত থকা বুলি মহন্তই সংবাদমেলত উল্লেখ কৰে।
উল্লেখ অসম আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত প্ৰায় ৫ কোটি ৩০ লাখ টকা জব্দ কৰিছে।ইয়াৰ পৰিমাণ বৃদ্ধি পাব পাৰে বুলি সঞ্চালক প্ৰধান গৰাকীয়ে প্ৰকাশ কৰে।
আনহাতে অসম আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াৰে জড়িত ব্যক্তিগত সন্থাক আঁতৰোৱা বাবে ৰাজ্যত চলি থকা অসম আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষা আজিৰে পৰা স্থগিত ৰখা বুলি কথা ঘোষণা কৰে।আৰক্ষীয়ে নিজাকৈ অনুষ্ঠিত কৰিব পৰীক্ষা।বে-চৰকাৰী সন্থাই অনুষ্ঠিত কৰা ইতিমধ্যে হৈ যোৱা প্ৰাৰ্থী সকলৰ বাছনি প্ৰক্ৰিয়া বৈধ বুলি বিবেচনা কৰা হ’ব নে নহয় সেইয়া চৰকাৰৰ লগত আলোচনা জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা হব বুলিও তেওঁ লগতে জানিব দিয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে এছ আই অহা ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা লিখিত পৰীক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব।তাৰো প্ৰাৰম্ভিক প্ৰক্ৰিয়া চলি থকা কথা উল্লেখ কৰে মহন্তই।












