ষ্টাফ ৰিপ’ৰ্টাৰ:
২০২১ চনৰ নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। আগন্তুক নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসক বিৰোধী দলো। নিজ নিজ দলৰ ৰণনীতি লৈ আগবঢ়াৰ সমান্তৰালকৈ এতিয়া একাংশ শীৰ্ষস্থানৰ নেতাই যোগদানো কৰিছে বিজেপি দলত।
শেহতীয়াকৈ দল বিৰোধী কাৰ্যকলাপত জড়িত হোৱাৰ আশংকা কৰি কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰা বিধায়ক ৰাজদ্বীপ গোৱালা আৰু বিধায়িকা ৰুমী নাথেও বিজেপিত যোগদান কৰাৰ কোঁচকাৱাজ শুনিবলৈ পোৱা গৈছে। তাৰ মাজতে শনিবাৰে পাঠশালাত কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ বিস্ফোৰণ। শীঘ্ৰে হয়টো কংগ্ৰেছলৈ আহিব বিজেপিৰ বহু শীৰ্ষস্থানীয় নেতা-কৰ্মী।
আনহাৰে উক্ত বহিষ্কৃত বিধায়ক-বিধায়িকাই বিজেপিৰ সৈতে গোপন সম্পৰ্ক ৰক্ষা কৰাৰ দৰে এক বিষ্ফোৰক মন্তব্য প্ৰকাশ কৰে। সেইদৰে হাগ্ৰামা মহিলাৰীকো কংগ্ৰেছৰ পক্ষত আহিবলৈ আহ্বান ৰিপুণ বৰাৰ। ইতিমধ্যে হাগ্ৰামাৰ সৈতে কংগ্ৰেছৰ যোগাযোগ চলিছে বুলিও জনাই ৰিপুণ বৰাই।












