নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২০৬৮ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২০৬৮ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩১৫৮৬ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১০১৯গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ২৫২গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১০০যোৰহাটৰ৷ আক্ৰান্তৰ হাৰ ৩.২২ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৯২৪১৬ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৯৭১০গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,৬১৯০১গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৮৪.১৪ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৮০২ গৰাকীলৈ বৃদ্ধি পালে।












