নিউজ ডেস্কঃ
শেহতীয়াকৈ অসমত ০৮ গৰাকীকৈ ক’ৰোণা আক্ৰান্তই প্ৰাণ হেৰুৱালে। ৰাজ্যত বৰ্তমানেও কমা নাই কৰোণাতংক; ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে মৃত্যুৰ সংখ্যা। শেহতীয়াকৈ কৰা টুইটযোগে এই কথা জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
ক’ৰোণাত মৃত্যু হোৱা এই লোক কেইজন হৈছে ক্ৰমে বিশ্বজিৎ গগৈ শিৱসাগৰৰ পৰা, তৰুণ গগৈ, খীৰোদ দত্ত আৰু গুলশন বেগম ডিব্ৰুগড়ৰ পৰা, লখিন্দৰ লাহৰ চৰাইদেউৰ পৰা, বাসুদেৱ ৰয় কামৰূপ মেট্ৰোৰ পৰা, কেদাৰ সিং চুব্বা শোণিতপুৰৰ পৰা আৰু শ্ৰী ৰাম মৰে নগাওঁৰ পৰা । ইয়াকে লৈ ৰাজ্যত মৃতকৰ সংখ্যা হৈছে ৮০২ জন।












